ASSAM TIMES POST
ডিজিটেল ডেস্ক:
বর্তমানে সমগ্ৰ দেশজুৰি চলিছে লকডাউন আৰু কোৱাৰেন্টাইন পৰিস্থিতি।দেশৰ প্রায় সর্বত্রই কৰোনাৰ উপস্থিতি লক্ষ্য কৰা হৈছে। কেৱল সেয়াই নহয়, ইতিমধ্যেই দেশত কৰোনা আক্রান্তৰ সংখ্যাই ৭৪ হাজাৰ অতিক্রম কৰি গৈছে।এই পৰিস্থিতিত কৰোনাৰ মোকাবিলা কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা লকডাউনৰ পথ বাছি লোৱা হৈছে। কিন্তু লকডাউনৰ ফলত সমাজৰ নিম্ন মধ্যবিত্ত মানুহ অর্থাৎ শ্রমিক আৰু কৃষকসকল পৰিবলগা হৈছে মহা বিপদত। সকলো বিত্তীয় লেনদেন বন্ধ থকাত উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে।
প্রসঙ্গত, শ্রমিকসকলৰ বাবে এই খণ্ডৰ পৰা এইবাৰ আবন্টন কৰা হৈছে ১০০০ কোটি টকা। কেৱল সেয়াই নহয়, কেন্দ্রীয় মন্ত্রনালয়ৰ পক্ষৰ পৰা জনোৱা হৈছে, সকলো খণ্ডত মুঠ ৩১০০ কোটি টকা খৰচ কৰা হৈছে।জানিব পৰা মতে, ২০০০ কোটি টকা দিয়া হৈছে ভেন্টিলেটৰ কিনাৰ বাবে আৰু ১০০০ কোটি টকা দিয়া হৈছে প্ৰব্ৰজিত শ্রমিকসকলৰ বাবে আৰু ১০০ কোটি টকা দিয়া হৈছে ভেক্সিন তৈয়াৰীৰ বাবে।লকডাউন হোৱাৰ ঠিক পূর্বেই অর্থাৎ ২৭ মার্চত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতত ধৰিয়েই সৃষ্টি হয় এই পিএম কেয়াৰ্ছ।
কেৱল সেয়াই নহয়, অন্যান্য সদস্যসকলৰ ভিতৰত আছে গৃহমন্ত্রী, প্রতিৰক্ষামন্ত্রী আৰু বিত্তমন্ত্রী স্বয়ং নিজে। জানিব পৰা মতে, মঙ্গলবাৰে ২০ লক্ষ কোটি টকাৰ প্যাকেজ ঘোষণা কৰাৰ সময়তেই প্রধানমন্ত্রীয়ে এই পুঁজিত যিসকল মানুহে ধন প্রদান কৰিছে, তেওঁলোকক ধন্যবাদ জনাইছে। এই পুঁজিৰ ধনেৰে ভাৰতত প্রায় ৫০,০০০ ভেন্টিলেটৰ কিনা হ’ব। যাৰ বাবে খৰচ হ’ব ২০০০ কোটি। সকলো ৰাজ্যৰ চৰকাৰী হাসপাতালসমূহত এই ভেন্টিলেটৰ দিয়া হ’ব।













