ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ভাৰতক শত্রুৰ হাতৰ পৰা ৰক্ষা কৰাৰ বাবে প্রতিবাৰেই ভাৰতীয় সেনাই আত্মবলিদান দি আহিছে। তেওঁলোকে পৰিয়াল-পৰিজন এৰি সীমান্ত অঞ্চলৰ কঠিন পৰিস্থতিৰ সৈতে নিজক খাপ খুৱাই লৈ দেশ মাতৃক ৰক্ষাৰ বাবে জীৱন উচৰ্গা কৰি আহিছে। সেনাৰ এই স্বার্থ ত্যাগৰ কাৰণেই ভাৰতৰ ১৩০ কোটি দেশবাসীয়ে শান্তিৰে নিদ্রা যাব পাৰে।
ভাৰতীয় সেনাবাহিনীয়ে ল’বলৈ আগবাঢ়িছে এক ডাঙৰ পদক্ষেপ :
বর্তমান ভাৰতীয় সেনা শিবিৰে এনে এটি ঐতিহাসিক পদক্ষেপ ল’বলৈ আগবাঢ়িছে, যি ভাৰতীয় সেনা ইতিহাসত স্মৰণীয় হৈ থাকিব। এতিয়াৰে পৰা যিকোনো ভাৰতীয় নাগৰিকে তিনি বছৰৰ বাবে সেনাবাহিনীত যোগ দিব পাৰিব। দেশৰ সেৱাত নিজকে নিয়োজিত কৰি, দেশবাসীৰ সুৰক্ষাৰ কামত অৱতীর্ণ হ’ব পাৰিব।
সেনা দলে লাভ কৰিব এক বিৰাট সুৰক্ষা শক্তি :
সেনাবাহিনীৰ এই দায়িত্ব পালনৰ নতুন নিয়ম প্রস্তাব এতিয়া কেৱল সম্মতিৰ অপেক্ষাত। এই প্রস্তাব গৃহীত হ’লে, ভাৰতীয় সেনাবাহিনীত এক বিৰাট সাফল্য আহিব। আৰু সেনাদল এক বিশাল শক্তিৰ অধিকাৰী হৈ উঠিব, যি দেশৰ সুৰক্ষাৰ বাবে খুবেই গুৰুত্বপূর্ণ।
তিনি বছৰৰ বাবে যোগ দিব পাৰিব ভাৰতীয় সেনাবাহিনীত :
সূত্রৰ খবৰ অনুযায়ী, দেশৰ মানুহক সেনাবাহিনীত যোগদানৰ বাবে এই প্রস্তাব বিবেচনা কৰা হৈছে। এই নিয়মৰ অধীনত নাগৰিকসকলে তিনি বছৰৰ বাবে সেনাবাহিনীত থকাৰ সুযোগ পাব। দেশ মাতৃৰ সেৱা কৰিব পাৰিব। ইয়াৰ উপৰি দেশৰ সুপ্ত প্রতিভাসমূহক সেনাবাহিনীয়ে তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিব বিচাৰিলে তাৰ সুবিধা পাব।
দেশৰ নতুন প্রজন্মৰ কথা ভাবি লোৱা হৈছে এই সিদ্ধান্ত :
পূর্বে ‘চি’আর্ট শ্ব’-ৰ অনুসাৰে কোনো সেনাই কমপক্ষেও ১০ বছৰ সেনাবাহিনীত কাম কৰিব লাগিছিল। কিন্তু বর্তমান এই প্রস্তাৱৰ পুনর্বিবেচনা কৰা হৈছে। যাতে নতুন প্রজন্মৰ যুৱকসকলে দেশ সেৱাৰ কামত নিজক আৰু বেছিকৈ নিয়োজিত কৰিব পাৰে। দেশত বেকাৰ যুৱকৰ সংখ্যাও কমিব আৰু সেনাবাহিনীৰ হাত আৰু মজবুত হ’ব।













