ASSAM TIMES POST
ডিজিটেল ডেস্ক:
মুম্বাই পৰা অহা ৭জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কোভিড-১৯। আক্রান্ত ব্যক্তি ৪জন কৰ্কট ৰোগী।তাৰ ভিতৰত এটি ১৩ বছৰীয়া কৰ্কট ৰোগৰ শিশু আছে।কৰ্কট ৰোগী কেইজন হৈছে -মনোৰঞ্জন সাহ, প্ৰদীপ কুমাৰ বণিয়া, গোপিন্দ্ৰ চন্দ মালাকাৰ।

ইফাল কৰ্কট ৰোগীৰ কেইজনৰ তিনি পৰিচৰ্যা আক্রান্ত হৈছে কোভিড-১৯।তেওঁলোক হৈছে পি বাসুদেৱ পাটোৱাৰী, নীলকণ্ঠ দেৱ আৰু মীনাৰাণী বণিয়া। এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ যে বুধবাৰে অসমত আহি উপস্থিত হৈছিল লোককেইজন।তাৰ পিছতে কৰা পৰীক্ষাত ধৰা পৰিছে কোভিড-১৯ আক্রান্ত কথা।কোৱাৰেণ্টাইনত আছিল আক্রান্ত লোক কেইজনক।বৰ্তমান ৰাজ্যত আক্রান্ত সংখ্যা ৮৬ জনলৈ বৃদ্ধি পালে আক্রান্ত সংখ্যা।













