ASSAM TIMES POST
গুৱাহাটী : গুৱাহাটীত বুধবাৰে ১৫ গৰাকীৰ দেহত মহামাৰী কোভিড-১৯ ধৰা পৰাৰ পিছতে কামৰূপ(ম) জিলা প্ৰশাসনে পাঁচটা অঞ্চল ঘোষণা কৰিলে কণ্ট্ৰেমেন্ট ‘জন।প্ৰশাসনে ঘোষণা কৰা কণ্ট্ৰেমেণ্ট জন কেইটা হৈছে কুমাৰপাৰা, ফটাশিল আমবাৰী জিএছ কলনী, পানবজাৰ ৰেলৱে কলনী, শান্তিপূৰ আৰু পূৰ্বে দুদিন পূৰ্বে ঘোষণা কৰাৰ ফাঁচী বজাৰৰ ৰাজকমল হোটেল।


উল্লেখ যে বুধবাৰে নতুনকৈ ধৰা পৰা ১৫ গৰাকীৰ কোভিড-১৯ আক্রান্ত সংস্পৰ্শলৈ আহিছিল দুদিন পূৰ্বে ফাঁচীবজাৰৰ প্ৰথমজন আক্রান্ত মংগৰু ছাহানী।ইফালে অঞ্চলকেইটা প্ৰশাসনে চীল কৰাৰ পিছতে কৰা হৈছে চেনিটাইজাৰ।চীল কৰা অঞ্চলকেইটাত প্ৰৱেশ-প্রস্তান সম্পূৰ্ন ৰূপে নিষিদ্ধ।গুৰুত্বপূৰ্ণ কথা এই যে গুৱাহাটী মহানগৰীত ইয়াৰ পূৰ্বে বহুকেইটা অঞ্চল কণ্ট্ৰেমেণ্ট ‘জন অন্তৰ্ভুক্ত হৈছে।
গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ ১নং আৰু ৫নং হোষ্টেল, গুৱাহাটী আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ছাত্ৰী হোষ্টেল, চান্দমাৰী অমিয় নগৰ, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰী কলনী।উল্লেখ কথা এই যে নতুনকৈ ৫টা কণ্ট্ৰেমেণ্ট জন ঘোষণা কৰা পিছত গুৱাহাটীত বৰ্তমান ১০টালৈ বৃদ্ধি পালে যে কণ্ট্ৰেমেণ্ট জন।













