ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
কৰ’ণা ভাইৰাচৰ সংক্ৰমণৰ ত্ৰাসত সৰ্বত্ৰ কঁপি উঠাৰ সময়ত প্ৰশাসন, আৰক্ষী, চিকিৎসা বিভাগৰ লগতে জীৱনৰ মোহ ত্যাগ কৰি নিজৰ দায়িত্ব-কৰ্তব্য পালনৰ অৰ্থে আগবাঢ়ি আহিছে সংবাদকৰ্মী সকল। কিন্তু নিজৰ কৰ্তব্য পালনৰ সময়তে এনে সংবাদকৰ্মীক আৰক্ষী বিষয়াই গতিয়াই অপদস্থ কৰাৰ অভিযোগ আহিছে কাজিৰঙাত।
গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াৰ বিৰুদ্ধে বাতৰি সংগ্ৰহৰ বাবে যোৱা নিউজ লাইভৰ কাজিৰঙাৰ ব্যুৰ’ চীফ তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তথা কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজকক গতিয়াই অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিবলৈ পোৱা মতে যোৱা ১২ মে’ত কাজিৰঙাৰ চুবুৰীয়া পাঁচ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডল প্ৰাধিকাৰীৰে অনুষ্ঠিত পৰ্যালোচনা সভাত যোগ দিয়াৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আহি উপস্থিত হৈছিলহি কাজিৰঙাত। মুখ্যমন্ত্ৰী গৰাকী কাজিৰঙাৰ কঁহৰাস্থিত গেষ্ট হাউচত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ সোমাওঁতেই গেষ্ট হাউচৰ পাকঘৰত অতৰ্কিতে চৰ্ট চাৰ্কিট হৈ অগ্নি সংযোগ ঘটে।
ঘটনাৰ সম্ভেদ পাই সাংবাদিক ৰঞ্জিত ৰজকে বাতৰি সংগ্ৰহৰ বাবে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়গৈ। কিন্তু সেই সময়ত ঘটনাস্থলীতে উপস্থিত থকা গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম শইকীয়াই বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিক ৰজক আৰু তেওঁৰ কেমেৰা পাৰ্চনক গেটৰ বাহিৰলৈ গতিয়াই উলিয়াই পঠিয়ায়। আৰক্ষী বিষয়াজনৰ এনে কাৰ্য্যক গৰিহণা দিছে অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই। সাম্প্ৰতিক লক-ডাউনৰ সময়ত ত্যাগ স্বীকাৰ কৰি চৰকাৰখনলৈ সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়োৱা সাংবাদিকক আৰক্ষী বিষয়াই কৰা এনে দুৰ্ব্যৱহাৰৰ নিৰপেক্ষ বিচাৰ হ’ব লাগে বুলি দাবী উঠিছে সংবাদকৰ্মী তথা সচেতন মহলত।













