ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ক’ৰনাৰ আতংকৰ মাজতে আছে এক ভাল খবৰ।মুম্বাই পৰা বাছেৰে মাতৃভূমি অসমত আহি উপস্থিত হোৱা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ, পত্নী গৰিমা শইকীয়া গাৰ্গসহ দুই সহযোগী শিল্পীৰ কোভিড-১৯ টেষ্টৰ ফলাফল আহিল।আটাইকেইজন লোকৰে কোভিড-১৯ টেষ্টৰ ফলাফল নেগেটিভ আহিছে।উল্লেখ যে সোমবাৰে ৰাতি ২.৩০ বজাত গুৱাহাটীৰ সৰুহজাই আহি পাইছিল শিল্পী জুবিন।যোৱা শুকুৰবাৰে মুম্বাই আন্ধেৰীৰ পৰা পুৱাৰ ৭বজাত পত্নী গৰিমা আৰু দুই সহযোগী শিল্পী পাৰ্থ আৰু সিদ্ধাৰ্থ সৈতে শ্বিলীপাৰ বাছেৰে মাতৃভূমি অসমলৈ উভটিছিল শিল্পী জুবিন।

অসমত আহি পোৱা পিছতে সৰুহজাইত তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি ১৪দিনৰ কোৱাৰেণ্টাইনৰ বাবে হোটেল ৰেডিচন ব্লু’লৈ পঠোৱা হৈছিল।
গুৰুত্বপূৰ্ণ কথা এই যে মুম্বাইত চিকিৎসাৰ বাবে গৈ লকডাউনৰ বাবে দুটা মাহ আৱদ্ধ হৈ পৰিছিল।













