ASSAM TIMES POST
নগাঁও :কাৰ্বিআংলং সীমান্তৱৰ্ত্তী নগাঁও জিলাৰ চাপানালাৰ জীয়াজুৰি চাহ বাগিছাৰ ১নং চাহ শ্ৰমিক লাইনৰ সমীপৰ পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয় ।
এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে চাপানালা অঞ্চলৰ দুলু বৰা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজন উক্ত স্থানত ততাতৈয়াকৈ উপস্থিত হৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে ।
আনহাতে উদ্ধাৰৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মুৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাত দুলু বৰাই নিজৰ ঘৰত ৰাখি দুদিন ধৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত লাজুকী বান্দৰটো ক্ৰমাৎ সুস্থ হৈ উঠে।আজি চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া আৰু বহুকেইজন বনকৰ্মীৰ উপস্থিতত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি জনাঞ্চলৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে ভালেসংখ্যক অন্যান্য প্ৰজাতিৰ বন্যপ্ৰাণী ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামুহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰাই । উল্লেখ্য যে, দুলু বৰাই বিগত সময়তো প্ৰায় ১৭টা দুষ্প্ৰাপ্য লাজুকী বান্দৰ জনাঞ্চলৰ পৰা উদ্ধাৰ কৰি চোৱাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷













