ASSAM TIMES POST
অজন্তা তালুকদাৰ :
অৱশেষত সুদূৰ ৰাজস্থানৰ পৰা আহি সৰুসজাই পালেহি বোকাখাতৰ শুভাংকৰ দে। দীৰ্ঘকালীন লক-ডাউনৰ ত্ৰাসৰ মাজত অত্যন্ত মানসিক চাপত ৰাজস্থানৰ জয়পুৰৰ গোপালপুৰৰ এটি কোঠালীত আৱদ্ধ হৈ আছিল বোকাখাতৰ ম’হমাইকী গাঁৱৰ বিমান চন্দ্ৰ দেৰ পুত্ৰ শুভাংকৰ দে। চি এ পাঠ্যক্ৰমৰ কোচিং কৰি থকা ১৮ বছৰীয়া ছাত্ৰ শুভাংকৰৰ সৈতে একে কোঠাতে আছিল আন এগৰাকী ছাত্ৰ গুৱাহাটীৰ ছয়মাইলৰ হৰি সিঙৰ পুত্ৰ বিক্ৰম সিং। ছাত্ৰ দুগৰাকী বাস কৰা এলেকাটো ৰেড জ’ন হোৱা হেতুকে খাদ্য আৰু অত্যাৱশকীয় সামগ্ৰী সংগ্ৰহত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ অনাহাৰ, অনিশ্চয়তা আৰু অনিদ্ৰাত দিন কটাব লগীয়া হৈছিল দুয়ো।
শুভাংকৰে এই প্ৰতিবেদকক আজি সন্ধিয়া ফোনযোগে জনোৱা মতে যোৱা ১২ মে’ত ছাত্ৰ দুজনে জয়পুৰৰ এখন ব্যক্তিগত ইন’ভা গাড়ী ভাড়ালৈ লৈ গুৱাহাটী অভিমুখে যাত্ৰা কৰি আজি সন্ধিয়া সৰুসজাইত উপস্থিত হৈছেহি। উল্লেখ্য যে শুভাংকৰে অনাহাৰ অনিদ্ৰাৰে অত্যন্ত মানসিক উদ্বিগ্নতাৰে দিন পাৰ কৰা বুলি পিতৃ মাতৃৰ ওচৰলৈ যাবলৈ ব্যাকুল হৈ ব্যৱস্থা ল’বলৈ ক্ৰন্দৰত হৈ ফেচবুক লাইভ যোগে অসম চৰকাৰলৈ অনুৰোধ জনোৱাৰ কথাই আৰু সেই সময়ত “আছামটাইমচ্”ত প্ৰকাশ হোৱা শুভাংকৰৰ বিতং বাতৰিয়ে বোকাখাতৰ সাংবাদিক আৰু সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। যাৰ ফলত বোকাখাতৰ সচেতন ৰাইজৰ পৰা যোৱা অজস্ৰ ফোন কলে আস্বস্ত কৰে ছাত্ৰজনক। বোকাখাতৰ স্থানীয় লোকৰ তৎপৰতাত জয়পুৰৰ স্থানীয় লোকৰ সৈতে প্ৰয়োজনত ছাত্ৰ দুগৰাকীৰ সাহায্যৰ বাবেও ব্যৱস্থা কৰা হৈছিল।
লক-ডাউন শিথিল কৰাৰ পাছত অসম চৰকাৰে বাহিৰত থকা ছাত্ৰ আৰু অন্যান্য লোকক ঘূৰাই আনিবলৈ লোৱা ব্যৱস্থাৰ মতে শুভাংকৰ আৰু বিক্ৰমৰ নাম ৰেজিষ্টাৰ হৈছিল যদিও জয়পুৰৰ পৰা কোটা পাবহি নোৱাৰাৰ বাবে ৰাজস্থানৰ কোটাৰ পৰা অসম আহি পোৱা ৩৯১ জনীয়া ছাত্ৰ ছাত্ৰীৰ দলটোত স্থান নাপালে শুভাংকৰে।
আজি সন্ধিয়া সৰুসজাইত স্বাস্থ্য পৰীক্ষা কৰা হয় দুয়োগৰাকী ছাত্ৰ। বৰ্তমান দুয়ো সুস্থ বুলি জানিব পৰা গৈছে। দুয়োগৰাকী ছাত্ৰ এতিয়াৰ পৰা গুৱাহাটীৰ পাঞ্জাবাৰীৰ ‘বিকাশ ইন’ নামৰ হোটেলখনত কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা কৰা হৈছে চিকিৎসকে নিৰ্দ্ধাৰণ কৰি দিয়া সময়লৈ। ইতিমধ্যে কৰ্মসূত্ৰে অৰুণাচলত থকা শুভাংকৰৰ পিতৃ মাতৃও যোৱা ১২ মেত বোকাখাতৰ নিজা বাসভৱনত আহি উপস্থিত হৈছেহি বুলি শুভাংকৰৰ পৰা জানিব পৰা গৈছে। শুভাংকৰৰ গুৱাহাটী আগমনে সকলো চিন্তা, উদ্বিগ্নতাৰ অন্ত পেলাই স্বস্তি প্ৰদান কৰিলে পিতৃ মাতৃৰ লগতে বোকাখাতবাসীকো।













