ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটৰ তৰফাট আহোম গাঁৱত বৃহস্পতিবাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে এটা বনৰীয়া মেঠোনে। নাহৰফুটকীৰ সন্ত্ৰাসৰ পাচতেই গোলাঘাটত এইবাৰ বনৰীয়া ম’হৰ আতংক। গোলাঘাট তৰফাট আহোম গাঁৱত এটা বনৰীয়া ম’হে পুৱাৰ পৰাই এফালৰ পৰা উপদ্ৰৱ চলাই অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।
বনৰীয়াই ম’হটোৱে সন্ত্ৰাস চলাই অঞ্চলটোৰ একাংশ লোকৰ ঘৰ-বাৰী, চাহ বাগান, খেতি-পথাৰ মহটিয়াই যথেষ্ট ক্ষতি সাধান কৰে। স্থানীয় লোকে শেষত বন বিভাগক খবৰ দিয়াত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈ বনৰীয়া ম’হটোক উদ্ধাৰৰ বাবে চেষ্টা চলায়।
ইফালে কাজিৰঙাৰ পানবাৰীৰ পৰা অহা এটা পশু বিশেষজ্ঞ দলেও ম’হটোক ট্ৰাংকলাইজ কৰাৰ চেষ্টা অব্যাহত ৰাখি শেষত ম’হটোক ট্ৰাংকলাইজ কৰিবলৈ সক্ষম হয়। বনৰীয়া ম’হটো নামবৰ বনাঞ্চলৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে এই স্থানতেই এটা নাহৰফুটুকীক কেইজন মান লোকে নিৰ্মম ভাবে হত্যা কৰি দাঁত, নখ, ছাল কাটি লৈ গৈছিল৷ অৱশ্যে আৰক্ষীয়ে পিছত লোক কেইজনক চিনাক্ত কৰি জেললৈ প্ৰেৰণ কৰিছিল৷













