ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনা ভাইৰাছৰ পৰা নিস্তাৰ নাই৷ হয়তো ক’ৰোনা কোনো দিনাই নিৰ্মূল নহ’ব৷ ক’ভিড-১৯ক লৈ নতুন আশংকাৰ কথা শুনালে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰী পৰিস্থিতি বিভাগৰ প্ৰধান মাইকেল ৰায়ানে কয়, ক’ৰোনা ভাইৰাছ হয়তো এইচ আই ভিৰ দৰে থাকি যাব৷ মানুহৰ শৰীৰত সংক্ৰমণ বন্ধ কৰাই এতিয়া আমি বিচাৰিছো৷ মাইকেল ৰায়ানে লকডাউন তোলি দিয়াক লৈ বিশ্ববাসীক সতৰ্ক কৰি কয়, বহু দেশে ভাবিছে কোনো এটা যাদুৰ দৰে কাম কৰিব৷ লকডাউন তোলি দিয়াৰ পাছত সকলো ঠিকঠাক হ’ব৷ দুয়োটা চিন্তাই ভিত্তিহীন আৰু বিপদজনক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আডানম গেব্ৰেইছাছে লকডাউন তোলি দিয়াকলৈ সতৰ্ক কৰা দিছে৷ তেওঁ কয়, বহু দেশে আনভাৱে ভাইৰাছৰ লগত মোকাবিলা কৰিবলৈ চাইছে৷ কিন্তু আমাৰ পৰামৰ্শ সৰ্বোচ্চ স্তৰতে সাৱধানতা অৱলম্বন কৰাৰ৷
২০১৯ চনৰ ডিচেম্বৰ মাহত প্ৰথম চীনৰ উহান চহৰত ক’ৰোনা ধৰা পৰিছিল৷ চাৰে পাঁচ মাহ পাৰ হৈছে, অন্তত তিনি লাখ মানুহৰ মৃত্যু হৈছে৷ ৪৪ লাখো অধিক লোক আক্ৰান্ত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ স্পষ্ট কথা, লকডাউন যদি তোলি দিয়ে তেন্তে প্ৰতি ক্ষেত্ৰতে প্ৰয়োজন হ’ব তীক্ষ্ণ নজৰ৷ কাৰণ লকডাউন শিথিল কৰা মাত্ৰকে দ্বিতীয়বাৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণ হোৱাৰ খবৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পোৱা গৈছে৷ ক্ষণে ক্ষণে ভাইৰাছটোৰ চৰিত্ৰ সলনি হৈছে৷ নতুনকৈ চীনৰ উহানত সংক্ৰমণ হৈছে৷ ৰায়ানে কয়, সংক্ৰমণৰ ‘ক্লাষ্টাৰ’বোৰ যদি থাকি যায় তেনেহ’লে ৰোগটো চলি থাকিব৷
ভাইৰাছটোৱে আকৌ আক্ৰমণ পৰিব পূৰ্ণোদ্যমে৷ আনহাতে বিশ্বৰ মুঠ জনসংখ্যাৰ ৭০ শতাংশ অৰ্থাৎ ৫৬০ কোটি মানুহৰ টিকাকৰণৰ প্ৰয়োজন৷ তেতিয়াই গোষ্ঠীবদ্ধ প্ৰতিৰোধ সম্ভৱ আৰু ক’ৰোনা সংক্ৰমণ হ্ৰাস পাব পাৰে৷ সেয়ে দেশবোৰে সকলোতকৈ বেছি দাম দিব তাকেই প্ৰতিষেধক বিক্ৰী কৰিব উৎপাদক প্ৰতিষ্ঠানবোৰে৷ ২০০৯ চনত ছোৱাইন ফ্লুৰ ক্ষেত্ৰত এনে কৰা হৈছিল৷













