ASSAM TIMES POST
ডিজিটেল ডেস্ক:
কাৰাৰুদ্ধ পিতৃ অখিল গগৈ অনুপস্থিতিয়ে বাৰু কৈ দহিছে কণমানি পুত্ৰ নচিকেতাক।পূজনীয় দেউতাকৰ অনুপস্থিতিত নিজানত অকলে পুত্ৰ নচিকেতাই অংকন কৰিছে এখনৰ পিছত আনখন ছবি।মহামাৰী ক’ৰনাৰ সময়ত অন্য পিতৃ-মাতৃ সকল সন্তানৰ কাষত আছে ছাঁ দৰে।তেনে সময়ত পিতৃৰ আদৰৰ পৰা বঞ্চিত হৈছে নচিকেতা।পিতৃক কাষত নোপোৱা বেদনা বুকুত লৈ কণমানি পুত্ৰ নচিকেতাই হাতত তুলি লৈছে ৰং-তুলিকা।বুল দিবলৈ সি চেষ্টা কৰিছে বুকুৰ ভিতৰত গুজৰী-গুমৰি থকা ভাৱবোৰ।অংকন কৰা এই ছবি খনে নৱম শ্ৰেণীত অধ্যনৰত কণমানিটোৱে কি বুজাব বিচাৰিছে সকলোৱে বাবে এক নুবুজা সাঁথৰ হৈ ৰৈছে।
উল্লেখ যে নাগৰিকত্ব সংশোধনী বিধেয়ক (আইন)ৰ বিৰুদ্ধে সংগ্রাম কৰি যোৱা ১২ ডিচেম্বৰ পৰা কাৰাৰুদ্ধ হৈ আছে পিতৃ অখিল।













