ASSAM TIMES POST
নিউজ ডেস্ক:
শেহতীয়াভাৱে অসমত তীব্ৰ ৰূপ লৈছে কৰোনাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত অসমত সংক্ৰমণ ঘটিছে ২২জনকৈ লোকৰ দেহলৈ মহামাৰী কোভিড-১৯। বিশেষকৈ ফাঁচী বজাৰৰ ঘটনাৰ পিছত ৰাজ্যৰ পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বস্তৰৰ জনসাধাৰণ। ইতিমধ্যে স্বাস্থ্য বিভাগেও এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে।
তেনে ক্ষেত্ৰত কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসনো। বিশেষকৈ ৰাজ্যৰ কনটেইনমেণ্ট জ’নসমূহক লৈ অধিক কঠোৰ হৈ পৰিছে অসম আৰক্ষী। অসম আৰক্ষীৰ এডিজিপি (আইন-শৃংখলা) জি পি সিঙে এক টুইটযোগে কনটেইনমেণ্ট জ’নত থকা ব্যক্তিসকলক কোনো কাৰণত বাহিৰলৈ নোলাবলৈ আহ্বান জনায়। টুইটটোত তেওঁ কয় যে ৰাজ্যখনৰ ৩.৩ বাসিন্দাৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত কনটেইনমেণ্ট জ’নৰ বাসিন্দাসকলে কোনো কাৰণত ভ্ৰমণ নকৰিব। তেওঁলোকৰ আনকি অন্তৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে।













