ASSAM TIMES POST
নিউজ ডেস্ক:
ক’ৰোনাৰ পৰা মুক্তি পাবলৈ যত্ন কৰি আছে সমগ্ৰ বিশ্বই৷ এই ক’ৰোনা মহামাৰীৰ মাজতে পুনৰ চীনক লক্ষ্য কৰি লৈছে আমেৰিকাই৷ ক’ৰোনাৰ বাবেই ক্ষতিগ্ৰস্ত দেশ মাৰ্কিন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই পুনৰ আক্ৰমণ কৰি কয়, যোৱা দুটা দশকত পাঁচবাৰ মহামাৰী বিয়পাইছে চীনে৷ সংক্ৰমণ কৰাৰ বাবে চীনক দায়ী কৰিছে ৰবাৰ্ট অ’ ব্ৰায়েনে৷ তেওঁ কয়, সমগ্ৰ বিশ্বৰ মানুহ চীনৰ কুকৰ্মৰ বিৰুদ্ধে সোচ্চাৰ৷ কোনেও মহামাৰীত মানুহ চাব নিবিচাৰে৷ চীনে যি কৰিছে তাৰ বাবে মানুহ ক্ষুব্ধ৷ হোৱাইট হাউচত আয়োজিত এক সংবাদ মেলত ৰবাৰ্টে এনেদৰে কয়৷ চীনৰ মাছৰ বজাৰত গৱেষণা হওক৷
ক’ৰোনা যি চীনৰ পৰাই বিয়পিছে সেই কথাত আমেৰিকা নিশ্চিত৷ ট্ৰাম্প প্ৰশাসনে চীনক তুলাধুনা দি আহিছেই৷ ৰবাৰ্টে কয়, আমি জানো উহানৰ পৰাই ভাইৰাছটো বিয়পিছে৷ গৱেষণা হওক মাছৰ বজাৰ আৰু তাৰ নেপথ্য৷ যোৱা ২০ বছৰে পাঁচটা মহামাৰী বিয়পাইছে চীনে৷ চাৰ্চ, এভিয়ান ফ্লু, ছোৱাইন ফ্লু, ক’ভিড-১৯ সকলো বিয়পাইছে চীনৰ পৰা৷ গণপ্ৰজাতন্ত্ৰ চীনৰ পৰা আৰু কি দুৰ্ভোগ পাব বিশ্বই৷ তেওঁ লগতে অভিযোগ কৰি কয়, চীনৰ কুকৰ্ম লুকুৱাবৰ বাবেই বিশ্ব স্বাস্থ্য সংস্থাক ভয় দেখুৱাইছে৷













