ASSAM TIMES POST
ডিজিটেল ডেস্ক:
কৰোনাৰ আতংকত কঁপিছে সমগ্ৰ বিশ্ব। আক্ৰান্তৰ সংখ্যা গণিব নোৱাৰা পৰ্যায়লৈ আগবাঢ়িছে। মৃত্যুও লক্ষাধিক। তাৰ মাজতে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব অৰ্থনীতি। ভাৰতৰ ক্ষেত্ৰতো এই ছবিখন ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধৰিব আৰম্ভ কৰিছে। ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ জীৱিকালৈ আহি পৰিছে চৰম সংশয়। ব্যক্তিগত খণ্ডৰ মালিকসকলে আৰম্ভ কৰিব লৈছে কৰ্মচাৰী ছাটাই অভিযান। তাৰেই এক শেহতীয়া ঘটনা পোহৰলৈ আহিছে।
প্রায় তিন মিনিটৰ এটি সংক্ষিপ্ত ভিডিঅ’ কল। তাৰ মাধ্যমেৰেই নিজৰ ৩ হাজাৰ ৫০০ কর্মী ছাটাই কৰিলে উবেৰে। সংস্থাটোৰ কর্মী ছাটাইৰ এই পদ্ধতিত এতিয়া তুমুল সমালোচনাৰ মুখত পৰিছে এই এপ-কেব সেৱা প্রদানকাৰী সংস্থাটো।
ভিডিঅ’ কলিং প্লেটফর্ম জুমৰ মাধ্যমেৰে সংস্থাৰ কর্মীসকলক ছাটাই কৰাৰ কথা ঘোষণা কৰে উবেৰৰ গ্রাহক সেৱা বিভাগৰ প্রধান ৰাফিন ছেভলোৱে। প্রায় তিনি মিনিটৰ এই ভিডিঅ’ কলৰ মাধ্যমতেই সংস্থাটোৰ প্রায় ১৪ শতাংশ কর্মীক একেলগে উলিয়াই দিয়াৰ কথা জনায় তেওঁ। এই ভিডিঅ’ কলত তেওঁ কয়, ‘‘গ্রাহক সেৱা আগবঢ়োৱাৰ বাবে একেবাৰে আগভাগত থকা চাৰে তিনি হাজাৰজনক আমি আঁতৰাই দিছোঁ। (সংস্থাত) আপনালোকৰ যথেষ্ট অৱদান আছে আৰু আজিয়েই উবেৰৰ সৈতে আপনালোকৰ শেষ দিন।
এই ঘোষণা কৰাৰ সময়তেই কান্দোনত ভাঙি পৰে ৰাফিন। পিছত তেওঁ স্বীকাৰো কৰে যে এই ধৰণৰ খবৰ দিয়াটো তেওঁৰ বাবে যথেষ্টই কঠিন আছিল। ছাটাই হোৱা কর্মীসকলক ধন্যবাদ দি তেওঁলোকৰ বকেয়া প্ৰদানৰ কথাও কয় ৰাফিনে।
উল্লেখযোগ্য যে লকডাউনৰ ফলত বহু সংস্থাই কর্মী ছাটাই কৰিছে। কিন্তু কর্মীসকলক প্রাপ্য বকেয়া সম্পূৰ্ণভাৱে দিয়া হ’লেও যি ভঙ্গীত তেওঁলোকক উলিয়াই দিয়া হ’ল, তাকে লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উবেৰ।













