ASSAM TIMES POST
নিউজ ডেস্ক:
প্ৰধানমন্ত্ৰী মোডীয়ে যি কয় তাক নিষ্ঠাৰে পালন কৰে- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
দুসপ্তাহ লকডাউন বৃদ্ধিৰ কেন্দ্ৰক আহ্বান ৰাজ্য সোনোৱাল চৰকাৰৰ
থলুৱা সম্পদেৰে দখল কৰিব লাগিব বিশ্ব বজাৰ
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে কয় যে চলিত লকডাউন মে’ৰ ১৮ তাৰিখৰ পৰা আৰু দুসপ্তাহলৈ বঢ়াই দিবৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ পত্ৰ লিখিছে।উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ বাবে চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউন অহা ১৭ মে’ত অন্ত পৰিব।আজি এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, আশাকৰোঁ সকলো ৰাজ্যয়ে শুকুৰবাৰৰ ভিতৰত লকডাউন বৃদ্ধিৰ পোষকতা কৰি বাৰ্তা প্ৰেৰণ কৰিব, আৰু অসম চৰকাৰে ইতিমধ্যেই এই সম্পৰ্কে স্থিতি কেন্দ্ৰৰ ওচৰত স্পষ্ট কৰিছে।লগতে চতুৰ্থ পৰ্যায়ৰ লকডাউনত শিথিলতা প্ৰদান কৰাটো বিচাৰে বুলিও কেন্দ্ৰক অৱগত কৰোৱা বুলি সংবাদ মেলত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
লকডাউনৰ ফলত অৰ্থনৈতিক কাম-কাজ সমূহ বন্ধ হৈ থকাৰ বাবে ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক সমস্যা সৃষ্টি হৈছিল।দেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকা আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ অৰ্থনৈতিক পেকেজে সেই সমস্যাৰ দূৰ কৰিব- এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ। তেওঁ কয় – অৰ্থনৈতিক পেকেজে ৰাজ্যখনক অধিক উপকৃত কৰিব।লকডাউনে বিধ্বস্ত কৰা ৰাজ্য অৰ্থনীতি বুনিয়াদ গঠনত সহায় কৰিব।
উল্লেখ যে লকডাউনৰ বাবে প্ৰতিদিনে ৰাজ্য চৰকাৰে এক হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি মূখ্যমন্ত্ৰী সোনোৱালে কয় – আঁচনিখনে যিহেতু ক্ষুদ্ৰ, অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ঘোষণা কৰা সবল পুঁজিয়ে অসমৰ উদ্যোগ ক্ষেত্ৰ খন অধিক উপকৃত হব।কাৰণ ৰাজ্য ৯৯.৯ শতাংশ উদ্যোগ মজলিয়া, ক্ষুদ্ৰ আৰু অতিক্ষুদ্ৰ।
প্রধানমন্ত্ৰী মোডীয়ে কোৱা লোকেল, ভকেল আৰু গ্লোৱেলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “থলুৱা সম্পদ উৎপাদন কৰাত অধিক প্ৰাধান্য দিয়া লগতে বিশ্ববজাৰ দখল কৰিব লাগিব আমাৰ সম্পদে।তাৰ বাবে আমাৰ ৰাজ্যত উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব”।সুযোগ সদব্যৱহাৰ কৰা আহ্বান জনায় সোনোৱালে কয়-ৰাজ্যত প্ৰায় এক লাখ ক্ষুদ্ৰ-অতিক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে।
সমাজৰ দুৰ্বল ব্যক্তিক সবল কৰা ওপৰত গুৰুত্ব দিয়া বাবে মোডী প্ৰতি জনতা বিশ্বাস বৃদ্ধি পাইছে। বিশ্ব বুকুতে বিৰল ইতিহাস প্ৰধানমন্ত্ৰীৰ মোডীয়ে দেশৰ গঢ় দিবলৈ সক্ষম হৈছে।যাৰ ফলত ১৩৫ কোটি জনতাই মোডী আহ্বানক সঁহাৰি জনায় লকডাউন সফল কৰি তুলিছে- মূখ্যমন্ত্ৰী সোণোৱালে কয়।প্ৰধানমন্ত্ৰী গৰাকীয়ে যি কয় তাকে নিষ্ঠা আৰু সততাৰে পালন কৰে।তাৰ বাবে মোডীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰী সোনোৱালে। উল্লেখ যে সংবাদ মেলত উপস্থিত আছিল বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মূখ্যমন্ত্ৰী প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভঁৰালী।













