ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছ কভিড-১৯ সংক্ৰমণৰ ক্ষেত্ৰত নগাঁও জিলা গ্ৰীণ জ’ন হিচাপে চিহ্নিত হোৱাৰ পিছত একাংশ লোকে লকডাউনৰ শিথিলতাৰ সুযোগ লৈ লকডাউনৰ নীতি নিৰ্দেশনা উলংঘা কৰি নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত জনসমাগম গঢ়ি তোলা পৰিলক্ষিত হৈছে ।
আনহাতে আগন্তুক ঈদ উপলক্ষে নগাঁও চহৰৰ বৰবজাৰ এলেকাত বজাৰ সমাৰ কৰিবলৈ বিগত দুই /তিনিদিন ধৰি ভালেসংখ্যক লোকৰ সমাগম ঘটে । ইয়াৰ মাজতে আজি দুপৰীয়া নগাঁও চহৰত লকডাউন উলংঘাকাৰীক লৈ সংঘটিত গুলীচালনাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
নগাঁও চহৰৰ ব্যৱসায়ীক এলেকা বৰবজাৰত সংঘটিত হৈছে এই এক চাঞ্চল্যকৰ ঘটনা। লকডাউন শিথিলতাৰ সুযোগ লৈ ব্যৱসায়িক এলেকা বৰবজাৰত আজি পুৱাৰে পৰা বহু সংখ্যক লোকে ভিৰ কৰিছিল । এই খবৰ লাভ কৰি নগাঁও সদৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বনিয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দল বজাৰ খনত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণৰ চেষ্টা চলাওঁতেই একাংশ লোকৰ সৈতে আৰক্ষীৰ দলটো খণ্ডযুদ্ধত লিপ্ত হয়।
এটা সময়ত এই খণ্ডযুদ্ধই দুয়ো পক্ষৰ মাজত এক সংঘৰ্ষৰ সুত্ৰপাত হোৱাত আৰজুল আলী নামৰ এজন প্ৰাক্তন আৰক্ষী কনিষ্টবলে আৰক্ষীৰ সৈতে তীব্ৰ তৰ্কাতৰ্কিত লিপ্ত হয়। আনকি, আলীয়ে আৰক্ষী বিষয়া বনিয়াৰ পিষ্টলটো কাঢ়ি নিয়াৰ অপচেষ্টা চলায়। ইয়াৰ পিছত ততাতৈয়াকৈ আৰক্ষীৰ বিষয়া গৰাকীয়ে শূণ্যলৈ গুলীচালনা কৰাৰ চেষ্টা চলাওতে দুৰ্ঘটনাক্ৰমে খোদ আৰজুল গুলীবিদ্ধ হয় বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
আনহাতে আৰজুলৰ ভৰিত গুলী লাগি তেওঁ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। লগতে আৰক্ষী বিষয়া প্ৰদীপ বনিয়াও আহত হয়। আনহাতে, এই গুলীচালনাৰ ঘটনাটোত সামান্য পৰিমাণে আহত হয় সেই সময়ত বজাৰ কৰিবলৈ অহা বাহাৰুন নেছা নামৰ এগৰাকী মহিলাও। মহিলাগৰাকী পুলিচৰ গুলিত আঘাতপ্ৰাপ্ত হোৱা নাই বুলি আৰক্ষীয়ে দাবী কৰে।
আহত মহিলা গৰাকীৰ ঘৰ মৰিকলঙৰ ওচৰৰ হোটেলবাৰীত হোৱাৰ লগতে আৰজুলৰ ঘৰ আমিনপট্টিৰ আবু পথত বুলি জানিব পৰা গৈছে। ইপিনে, আহত মহিলা গৰাকীৰ লগতে আৰজুল আলীক লগে লগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাৎপৰ্যপূৰ্ণ বিষয় এই যে আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰদীপ বনিয়াৰ পিষ্টলৰ গুলী দুৰ্ঘটনাবশত: ওলাই গৈ আৰজুল আলী আহত হোৱা বুলি নগাঁও আৰক্ষীয়ে দাবী কৰাৰ বিপৰীতে স্থানীয় একাংশ লোকে আৰক্ষীয়ে ইচ্চাকৃতভাৱে গুলীচালনা কৰা বুলি কয় ।
অৱশ্যে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। সঠিক তদন্তহে আচলতে কি ঘটিছিল সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, চাকৰিৰ পৰা বৰ্খাস্ত হোৱা আৰজুল আলী নামৰ প্ৰাক্তন আৰক্ষীজন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰো অভিযোগ উঠিছে। পূৰ্বেও তেওঁক আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰিছিল।
কৰ্তব্যৰত আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি নিব বিচৰা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আলীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আটাইতকৈ আচৰ্যজনক বিষয় এই যে লকডাউনৰ চলি থকা সময়ত নগাঁৱত বিশেষকৈ সামাজিক দূৰত্ব নমনাক লৈ আজি গুলীচালনাৰ দৰে এক অবাঞ্চিত ঘটনা সংঘটিত হোৱা বিষয়টোৱে আচলতে কি সুচাইছে। তাক বহু প্ৰশ্নৰ উদয় হৈছে ।













