ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:
পুনৰ এক অঘটন ডিব্ৰুগড়ত!লক ডাউনৰ মাজতে এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ডিব্ৰুগড়।নিজ পত্নীত হত্যা কৰি নদীত উতুৱাই দিয়া কাৰ্যই স্তভিত কৰিছে সকলোকে।

জানিব পৰা মতে ডিব্ৰুগড়ৰ জকাই বুঢ়ী দিহিং নদীত যোৱা ১৩মে’ত এক অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল।অৱশেষত সেই মৃতদেহৰ পৰিচয় উলাল। মৃতদেহটো ডিব্ৰুগড় লাহোৱাল থানাৰ অন্তৰ্গত ঘোৰামৰাৰ ছাগলীকটাৰ গীতালি গগৈৰ বুলি চিনাক্ত হৈছে।এটা সন্তানৰ মাতৃ গিতালী গগৈ কোঁৱৰক নিজ স্বাৰ্মী প্ৰভাত কোঁৱৰে হত্যা কৰি পেলাই দিছিল বুঢ়িদিহিং নদীত।

জকাই ভুৰভুৰীত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত বৰবৰুৱা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়ত ৰাখিছিল চিনাক্তৰ বাবে।অৱশেষত গীতালি গগৈৰ পৰিয়ালে চিনাক্ত কৰে মৃতদেহটো।আনহাতে লাহোৱাল আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ ভিত্তিত লাহোৱাল আৰক্ষীয়ে 113/20নং গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছে প্ৰভাত কোঁৱৰক।উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ স্বৃষ্টি হৈছে।অভিযোগ মতে দীৰ্ঘদিনৰ পৰা গীতালি গগৈক শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলাই আহিছিল স্বামী প্ৰভাত কোঁৱৰে।আজি স্থানীয় ৰাইজে গীতালি গগৈৰ মৃতদেহ তেওঁৰ বাসগৃৰ চৌহদতে সৎকাৰ কৰে।ইয়াকে লৈ সমগ্ৰ গাঁওতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে।













