ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়
ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত লৰুৱা মৌজাৰ কোটোহাৰ ভগামুৰ গৰাখহনীয়া বুঢ়ীদিহিঙবান্ধ আৰু জি’অবেগ পদ্ধতিৰে খহনীয়া প্ৰতিৰোধ সাপেক্ষে ডিব্ৰুগড় জলসম্পদ বিভাগৰ সৌজন্যত যোৱা ১৩মেত ১১’৭৬’ ৬৯০০০’০০ টকা আঁচনিৰ আধাৰ শিলা স্থাপন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
ডিব্ৰুগড় জল সম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা দীপ পেগুকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়া আৰু কোটোহা গাওঁ পঞ্চায়তৰ সভানেত্ৰী সুমন মেচ দিহিঙীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।
অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক গৰাকীয়ে অনুমোদিত এই ধনৰাশিৰ ব্যয়ৰ জৰিয়তে বুঢ়ীদিহিঙ নদীৰ খহনীয়া আৰু বান্ধ নিৰ্মাণ কৰাৰ উদেশ্যে তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰা হৈছে বুলি অবগত কৰে।
বিধায়ক গৰাকীয়ে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বৰ্তমান ক’ৰোনাভাইৰাছৰ ভয়াবহতাৰ সংক্ৰমন প্ৰতিৰোধৰ সন্দৰ্ভত সেৱা মনোভাৱেৰে পদক্ষেপ গ্ৰহন কৰিছে বুলি উল্লেখ কৰি ৰাইজক চৰকাৰে ঘোষণা কৰা লকডাউন মানি চৰকাৰক সহযোগ কৰিৱলৈ আহবান জনোৱাৰ লগতে ভগামুৰ গাৱঁৰ বাবে স্থানীয় বিধায়ক হিচাপে সদায় ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দি যাব বুলি উল্লেখ কৰে।
উল্লেখ্য যে এই ভগামুৰৰ গৰাখহনীয়াৰ সন্দৰ্ভত ‘আছাম টাইম পষ্ট’ত বিস্তৃত ভাবে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই এনে তাৎক্ষনিক পদক্ষেপ গ্ৰহন কৰা বুলি বিবেচিত হৈছে।













