ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:
ডিব্ৰুগড়ৰ অন্যতম সামাজিক সাংস্কৃতিক প্ৰতিষ্ঠান ইণ্ডিয়া ক্লাব এণ্ড থিয়াট্ৰিকাল ইনষ্টি টিউচন জন্মলগ্নৰে পৰাই সমাজৰ বাবে কাম কৰি আহিছে ।১৩৩ বছৰ ইতিসাহৰে সমৃদ্ধ এই ইণ্ডিয়া ক্লাব অসম তথা ডিব্ৰুগড়ৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে।বৰ্তমান ক’ৰোণা ভাইৰাছৰ ভয়াবহতাৰ ফলত গোটেই বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰত তথা অসমৰ মানুহে বহু শংকাৰে দিন অতিবাহিত কৰিব লগাত পৰিছে।বিশেষকৈ লক ডাউনৰ ফলত সাধাৰণ তথা দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ অৱস্থা শোচনীয় হৈ পৰিছে । সেইবাবে আজি ইণ্ডিয়া ক্লাৱৰ ফালৰ পৰা ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰায় ৪০০ দৰিদ্ৰ মানুহক চাউল,দাইল,আলু নিমখ,মিঠাতেল আদিকে কৰি বিভিন্ন নিত্য প্ৰয়াজনীয় সামগ্ৰী প্ৰদান কৰা হয়।

আজি এই সামগ্ৰী সমূহ প্ৰদান অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন বিশেষভাবে উপস্থিত থাকে।উক্ত সামগ্ৰী সমূহ বিধায়কৰ দ্বাৰা প্ৰদান কৰি শুভ উন্মোচন কৰা হয়।অনুষ্ঠানত ইণ্ডিয়া ক্লাৱৰ সভাপতি তথা অধিবক্তা শ্যামল শীল,উপসভাপতি ডা: চৈকত পাত্ৰ আৰু ইণ্ডিয়া ক্লাৱৰ অন্যান্য সদস্য সকল উপস্থিত থাকি সহযোগ কৰে।উল্লেখ্য যে ইতিপূৰ্ব্বে ইণ্ডিয়া ক্লাৱৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহাৰ্য ৩৩৩৩৩ টকাৰ বৰঙণি আগবঢ়োৱা হৈছিল।













