ASSAM TIMES POST
নিউজ ডেস্কঃ
কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে উপভোক্তা পৰিক্ৰমা মন্ত্রালয়ে অত্যাৱশ্যকীয় পণ্য আইন (Essential Commodity Act)ত পৰিবৰ্তন আনিব বিচাৰিছে। বিত্তমন্ত্রীয়ে কয়, কৃষি প্রতিযোগিতা আৰু বিনিয়োগ বঢ়োৱাৰ বাবে ১৯৫৫ত জাৰি কৰা
অত্যাৱশ্যকীয় পণ্য আইনত সংশোধন ঘটাবলৈ আগবাঢ়িছে কেন্দ্র। এই ঘোষণা বিত্তমন্ত্ৰী নির্মলা সীতাৰমনৰ।
কৰোনা ভাইৰাছত বিপর্যস্ত ভাৰতীয় অর্থনীতিক পুনৰুদ্ধাৰৰ লক্ষ্যত শুক্রবাৰে তৃতীয় দফাৰ পদক্ষেপৰ কথা ঘোষণা কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে। এই পর্যায়ত কৃষি, মীন পালন, দুগ্ধ, পশুপালন আৰু খাদ্য প্রক্রিয়াকৰণ তথা তাৰ সৈতে যুক্ত ক্ষেত্রৰ বাবে বিশেষ সহায়তা প্রকল্প ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।
> ব্যতিক্ৰমী পৰিস্থিতিৰ উপৰি সাধাৰণ সময়ত এই সমগ্ৰ পণ্যৰ মূল্য এইবাৰ বজাৰৰ দ্বাৰা নিয়ন্ত্রিত হ’ব। কৃষিক্ষেত্রক লাভজনক কৰিবলৈ আৰু কৃষকৰ আয় বঢ়াবলৈ অত্যাৱশ্যকীয় পণ্য আইনত এই পদক্ষেপ বুলি কেন্দ্রৰ দাবী।
> অত্যাৱশ্যকীয় পণ্য আইনৰ সলনি কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰে। অত্যাৱশ্যকীয় পণ্য মজুতৰ ওপৰত বাধা-নিষেধ উঠি গৈছে। ৰপ্তানিত জোৰ।
> ভেষজ কৃষিত ৪,০০০ কোটি টকা আবন্টন। ইয়াৰ অধীনত আগন্তুক ২ বছৰত ১০,০০,০০০ হেক্ট ভূমি অনা হ’ব।
> বিলাহী, পিয়াঁজ আৰু আলু (TOP) খেতিক ‘অপাৰেচন গ্রিন’ৰ অধীনত অনা হ’ব। একেলগে সকলো ফল আৰু পাচলিক ইয়াৰ অধীনলৈ অনাৰ ঘোষণা বিত্তমন্ত্ৰীৰ।
> বিৰল ফচল বিক্ৰী বন্ধত বিশেষ পদক্ষেপ। বিশেষ ৰেহাইৰ ঘোষণা।
> কৃষি আন্তঃগাঁথনিত ১ লক্ষ কোটি টকাৰ পুঁজি গঠনৰ কথা ঘোষণা কৰে নির্মলা সীতাৰমনে।
> পশুপালন ক্ষেত্রৰ উন্নয়নত ১৫,০০০ কোটিৰ পুঁজি।
> লকডাউনত গাখীৰৰ চাহিদা ২০ৰ পৰশ ৩০ শতাংশ হ্রাস পাইছে। দুগ্ধ সমবায়সমূহৰ বাবে বিশেষ প্রকল্প ঘোষণা। ইয়াৰ ফলত ২ কোটি দুগ্ধ উৎপাদক লাভৱান হ’ব।
> কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এই দফাত মুঠ ১১টি ঘোষণা। ইয়াৰ ভিতৰত আঠটা আন্তঃগাঁথনি আৰু ক্ষমতা বৃদ্ধিৰ লক্ষ্যত। বাকী তিনিটা চৰকাৰ আৰু প্রশাসনিক সংস্কাৰমূলক। জনায় কেন্দ্রীয় বিত্তমন্ত্রীয়ে।
> লকডাউন চলি থকা অৱস্থাত ন্যূনতম সহায়ক মূল্য (MSP) ত অন্তত ৭৪,৩০০ কোটি টকাৰ কৃষিজাত পণ্য কিনা হৈছে আৰু প্রধানমন্ত্রী কিষাণ পুঁজিৰ মাধ্যমত ১৮,৭০০ কোটি টকা ট্রান্সফাৰ কৰা হৈছে, জনায় কেন্দ্রীয় বিত্তমন্ত্রীয়ে।
> এই পর্যায়ৰ ঘোষণাত কৃষি, মীন পালন, দুগ্ধ, পশুপালন আৰু খাদ্য প্রক্রিয়াকৰণ আৰু তাৰ সৈতে যুক্ত ক্ষেত্রৰ বাবে বিশেষ সহায়তা।













