ASSAM TIMES POST
নিউজ ডেস্কঃ
কৰ্ম সংস্থাপনৰ কোনো উপায় নাই৷ নাই কৃষিকৰ্ম বা টকা ঘটাৰ সুযোগ৷ সেয়ে যোৱা কেইবছৰমান ধৰি উত্তৰাখণ্ডৰ পাউৰী জিলাৰ পাহাৰীয়া গাঁৱৰ লোকসকল চহৰৰ দিশে গতি কৰিলে৷ জীৱন ৰক্ষাৰ স্বাৰ্থত একপ্ৰকাৰ গাঁও এৰিবলৈ বাধ্য লোকসকল৷ ফলত লাহে লাহে মানৱশূন্য হৈ ভূতৰ গাঁও ৰূপে পৰিচিত হ’ল এই এলেকা৷ এতিয়া উত্তৰাখণ্ড প্ৰশাসনে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ বাবে এইখন ভূতৰ গাঁৱত নিৰ্মাণ কৰিছে কোৱাৰেণ্টাইন কেন্দ্ৰ৷ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ক’ৰোনা ৰোধৰ উদ্দেশ্যে কোৱাৰেণ্টাইন কেন্দ্ৰ ৰূপে সজাই তোলিছে৷ পাউৰী জিলাৰ ৰিখনিকাল ব্লকৰ সমষ্টি উন্নয়ন বিষয়া এছ পি থালিয়ালে কয়, বাহিৰৰ ৰাজ্যবোৰৰ পৰা বহু মানুহ আহিছে৷
তেওঁলোকক কোৱাৰেণ্টাইন কৰিবৰ বাবে এই মানৱবৰ্জিত গাঁও অতি কামত আহিছে৷ সাধাৰণ লোকে এৰি দিয়া ঘৰ-বাৰী এতিয়া ব্যৱহাৰ কৰা হৈছে৷ গ্ৰামাঞ্চলত থকা পঞ্চায়ত ভৱন আৰু বিদ্যালয়বোৰত কোৱাৰেণ্টাইন চেণ্টাৰ মুকলি কৰা হৈছে৷ ইয়াৰ ফলত বাহিৰৰ মানুহৰ পৰা ক’ৰোনা সংক্ৰমণ হোৱাৰ পথ বন্ধ হৈছে৷ এই পৰ্যন্ত কমেও ৫৭৬জন বিভিন্ন ৰাজ্যৰ পৰা অহা মানুহক এই কোৱাৰেণ্টাইন কেন্দ্ৰবোৰত ৰখা হৈছে৷ স্থানীয় প্ৰশাসনৰ সূত্ৰে জানিব পৰা মতে, যোৱা ১৩ মে’ পৰ্যন্ত বিভিন্ন ৰাজ্যৰ পৰা ১৯,৮৪৬জন লোক পাউৰী জিলাৰ ১০৪৯খন গাঁও পঞ্চায়ত এলেকাত সোমাইছে৷ তাৰ পাছত তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰি কোৱাৰেণ্টাইনত ১৪ দিন থাকিবলৈ নিৰ্দেশ দিছে৷













