ASSAM TIMES POST
নিউজ ডেস্ক:
ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে ভয়ংকৰ ঘূৰ্ণীৰ। শনিবাৰ অৰ্থাৎ আজি ‘আমফান’ নামৰ এই ঘূৰ্ণী উপকূলীয় এলেকাত প্ৰৱেশৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে, যদিহে ই ঘূৰ্ণীবতাহৰ ৰূপ ধৰি আগবাঢ়ে তেনেহ’লে ১৭ মে’ অৰ্থাৎ দেওবাৰে উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰি উত্তৰ–পশ্চিম দিশলৈ আগবাঢ়িব।
আনহাতে, ‘আমফান’ক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ আশংকা, আজিয়েই এই ঘূৰ্ণীয়ে বংগোপসাগৰৰ উচ্চ অংশ আৰু দক্ষিণ আন্দামান সাগৰৰ সমীপত নিম্নচাপৰ সৃষ্টি কৰিছে। যাৰ ফলত ওড়িশা আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত আজি সন্ধিয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰ আশংকা আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে যদি ঘূৰ্ণীবতাহজাকে প্ৰবল বেগেৰে আগবাঢ়ে তেন্তে ১৭মে’ত উত্তৰ-পূৰ্বাঞ্চল পাব আৰু তাৰ পিছত উত্তৰ-পশ্চিমৰ দিশলৈ যাব। এই সময়ত বতাহৰ গতিবেগ হ’ব ঘণ্টাত প্ৰায় ৫৫-৬৫ কিলোমিটাৰ। আনহাতে, গতিবেগ বৃদ্ধি পাই ঘণ্টাত ৭৫ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।
ইফালে ইয়াৰে পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই ওড়িশাৰ উপকূলীয় এলেকাত ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে পশ্চিমবংগ, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰতো অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আনহাতে, উপকূলীয় ঠাইসমূহত ধুমহা-বৰষুণৰো আশংকা কৰা হৈছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মাছমৰীয়াসকলক সমুদ্ৰলৈ নাযাবৰ বাবে পৰামৰ্শ দিযাৰ লগতে আন্দামান-নিকোবৰ দ্বীপপুঞ্জসহ বহু অঞ্চলত মূষলধাৰ বৰষুণৰ আগজাননী দিয়া হৈছে।













