ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছ সক্ৰংমণ প্ৰতিৰোধৰ উদ্দেশ্যে দেশজুৰি চলা লকডাউনৰ ফলত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলে যথেষ্ঠ কষ্টৰ সন্মুখীন হ’বলগা হৈছে। অন্যান্য ক্ষেত্ৰৰ লগতে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহনাৰ থলুৱা শিল্প উদ্যোগটো চৰম সংকটৰ সন্মুখীন হৈছে। কেঁচা সোণেৰে অসমীয়া গহনা প্ৰস্তুত কৰি সমগ্ৰ ৰাজ্যতে বিপুল সমাদৰ লাভ কৰা নগাঁও চহৰৰ নিকটবৰ্তী ৰণথলী অঞ্চলৰ কাৰুশিল্পী আৰু সহযোগী কাৰিকৰসকল লকডাউনৰ ফলত প্ৰায় কৰ্মহীন হৈ পৰে ।
বিশেষকৈ কৰোনা ভাইৰাছ সংক্ৰমণৰ আশংকা আৰু লকডাউনৰ বাবে এইবাৰ ব’হাগ মাহত বিয়া-বাৰু কিম্বা ৰঙালী বিহু উৎসৱ আদি অনুষ্ঠিত কৰিব পৰা নগ’ল। ফলত ৰণথলীৰ কেঁচা সোণৰ উদ্যোগত প্ৰস্তুত কৰা অসমীয়া গহনাৰ বিক্ৰী প্ৰায় বন্ধ হৈ পৰে। এনে পৰিস্থিতিত অসমীয়া থলুৱা উদ্যোগবিধৰ লগত জড়িত শিল্পী আৰু কাৰিকৰসকল চৰম আৰ্থিক সংকটৰ সন্মুখীন হবলগাত পৰে। সেয়ে কৰ্মহীন হৈ পৰা কেঁচা সোণৰ কাৰুশিল্পীৰ আৰু কাৰিকৰসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আজি বিয়লি ৰণথলী গাঁৱত উপস্থিত হৈ কেঁচা সোণৰ থলুৱা উদ্যোগবিধৰ লগত জড়িত লোকসকলক চাউল, দাইল, আলুকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰে।
ৰণথলীৰ সোণোৱালী পুথিভড়াল প্ৰাঙ্গনত সামাজিক দুৰত্ব বৰ্তাই অঞ্চলটোৰ তিনিশতাধিক কাৰুশিল্পীৰ পৰিয়ালৰ লোকক বিধায়ক শৰ্মাই খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে । আনহাতে কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়ে উল্লেখ কৰি বিধায়ক শৰ্মাই বৰ্তমান সময়ত লকডাউনৰ নীতি নিৰ্দেশনা মানি সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনায়। আনহাতে, ৰণথলীৰ কেঁচাসোণৰ থলুৱা উদ্যোগৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি বিধায়ক ৰূপক শৰ্মাই এই থলুৱা উদ্যোগবিধক কোনো কাৰণতে বিপৰ্যস্ত হ’বলৈ নিদিয়ে বুলিও মন্তব্য কৰে। তেওঁ কয় যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকাই সাময়িকভাৱে কেঁচা সোণৰ উদ্যোগলৈ স্হবিৰতা কঢ়িয়াই আনিছে যদিও অসমৰ সকলো অঞ্চলৰ মানুহৰ সমাদৰ লাভ কৰি অহা ৰণথলীৰ কেঁচা সোণৰ উদ্যোগ শীঘ্রেই সজীৱ হৈ উঠিব।
ইপিনে ৰণথলীৰ কেঁচাসোণৰ থলুৱা উদ্যোগৰ ঐতিহ্য প্ৰতিফলিত কৰাৰ বাবে বিধায়ক শৰ্মাই চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰণথলী অঞ্চললৈ যোৱাৰ পথত এখন তোৰণ নিৰ্মাণৰ অনুমোদন জনোৱাৰ বিষয়ে অঞ্চলটোৰ ৰাইজক অৱগত কৰে। উল্লেখ্য, নগাঁও চহৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত ৰণথলী গাঁৱত কেঁচা সোণেৰে অসমীয়া গহনা তৈয়াৰ কৰা বৃহৎ কুটিৰ শিল্প উদ্যোগৰ লগত অঞ্চলটোৰ যুৱক-যুৱতী, মহিলাৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকলৈকে প্ৰায় দুশ পৰিয়ালৰ এহেজাৰ শিল্পী আৰু কাৰিকৰ জড়িত হৈ আছে।













