ASSAM TIMES POST
নগাঁও : কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত নগাঁও জিলা গ্ৰীণ জ’ন হিচাবে চিহ্নিত হোৱাৰ পিছত লকডাউন কিছু শিথিল হলেও আৰ্থিকভাবে দুৰ্বল লোকৰ অভাৱ অনাটন আতৰা নাই। যাৰ বাবে জিলাখনত বিভিন্ন ব্যক্তি-অনুষ্ঠানে সাহাৰ্য প্ৰদান অব্যাহত ৰাখিছে। নগাঁৱৰ অন্যতম যুৱ স্বেচ্ছাসেৱী অনুষ্ঠান দয়ালু ক্লাৱ এণ্ড লাইব্ৰেৰীৰ উদ্যোগত দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়।
চহৰখনৰ দুই নং পানীগাঁও মছজিদ ৰোডৰ শতাধিক আৰ্থিক ভাবে দুৰ্বল পৰিয়ালক চাউল, আটা, চেনি, বুট, খেজুৰ, চুজি আদিৰ টোপাল প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি জাকিৰ হুছেইন আৰু সাধাৰণ সম্পাদক নাফিছ খানৰ নেতৃত্বত যোৱা অনুষ্ঠানটোৰ বিষয়ববীয়াসকলে। লকডাউনৰ নীতি নিয়ম মানি তেওঁলোকে আৰ্তজনক সহায়ৰ হাত আগবঢ়ায়। স্বেচ্ছাসেৱী অনুষ্ঠানৰ এনে কামক সকলোৱে শলাগ লয়।













