ASSAM TIMES POST
নিউজ ডেক্স
শোণিতপুৰ জিলাত কোভিড-১৯ আক্রান্ত ব্যক্তিজন ৬০বছৰীয়া।টোকও গয়াৰী নামৰ লোকজন কলিকতাৰ পৰা ট্ৰাকেৰে আহি হোম কোৱাৰেণ্টাইন হৈ আছিল।পিছত গা বেয়া হোৱা বাবে তেজপুৰ মেডিকেল কলেজলৈ আহিছিল।তাতে ধৰা পৰে কোভিড-১৯ আক্ৰান্ত বুলি।
আনহাতে গুৱাহাটীত নতুনকৈ আক্রান্ত দুজন। এজন ফাঁচী বজাৰৰ মংগো সাহানী সংস্পৰ্শলৈ আহিছিল।তেওঁ হৈছে ফটাশিল আমবাৰী ৰাকেশ সিং।।অন্যজন আক্রান্ত কালাপাহাৰৰ যক্ষ্মা হাস্পতালত ভৰ্তি হৈ আছিল।নাম আছিল বিনোদ ৰয়।দুয়োজনক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত।
আনহাতে শিৱসাগৰ আক্রান্ত যুৱক জনৰ পৰিচয় জানিব পৰা হোৱা নাই।যোৰহাট কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যুৱক জন।ৰাজ্যত ৯৫জনলৈ বৃদ্ধি আক্রান্ত সংখ্যা।













