ASSAM TIMES POST
নিউজ ডেক্স
ৰাজ্যত যোৱা ক’ৰনা আক্রান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।ক’ৰনা আক্রান্ত সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিবলৈ আৰু পাঁচটা সংখ্যা বাকী।অৰ্থাৎ বৰ্তমান আক্রান্ত সংখ্যা বুদ্ধি পাইছে ৯৫ লৈ।
শেহতীয়া ভাৱে শনিবাৰে ৰাতি শোণিতপুৰ, শিৱসাগৰ আৰু কামৰূপ মহানগৰ জিলাত নতুনকৈ ৪জন লোক আক্রান্ত হোৱাৰ পাছতে ৰাইজলৈ পুনৰ আহ্বান স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।“বৰ্তমান পৰিস্থিতিত ৰাজ্য ৬৫ বছৰ উদ্ধ বয়োজ্যেষ্ঠ আৰু ১০ বছৰ তলৰ শিশু সকল অতি প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব”।
উল্লেখ যে ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ থকা আক্রান্ত ৰোগী ৫০ জনলৈ বৃদ্ধি পাইছে।সুস্থ হৈছে ৪১জন, মৃত্যু হৈছে ২জন আৰু ২জন ব্যক্তি ইতিমধ্যে অসমৰ ৰাজ্য বাহিৰত আছে।













