ASSAM TIMES POST
ডিজিটেল ডেস্ক:
চতুর্থ পৰ্যায়ৰ লকডাউনত দেশৰ ৩০খন চহৰত সর্বাধিক বাধা-নিষেধ আৰোপ হ’বলৈ আগবাঢ়িছে। সেই তালিকাত কলকাতা, মুম্বাই আৰু দেশৰ ৰাজধানী চহৰ দিল্লীও আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা গৃহ মন্ত্ৰালয়লৈ পঠিওৱা এক ৰিপোর্টত কোৱা হয়, দেশৰ মুঠ কৰোনা সংক্রমণৰ ৮০ শতাংশই ৩০ চহৰ এলেকাত সীমাবদ্ধ। তাৰ বিশদ উল্লেখ কৰি, চহৰ এলেকাসমূহত সর্বাধিক কঠোৰ কৰাৰ প্রস্তাৱ দিয়ে স্বাস্থ্য মন্ত্ৰালয়ে। বাধা-নিষেধৰ ক্ষেত্রত সর্বাধিক কঠোৰতা কি হ’ব, তাৰ বিশদ উল্লেখ অৱশ্যে এতিয়ালৈ কৰা নাই। ১৭ মে’, দেওবাৰে, তৃতীয় পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনা গৃহ মন্ত্ৰালয়ে কেন্দ্রৰ লকডাউন-৪.০ নির্দেশিকা ঘোষণা কৰিব। তাত লগতে ৩০খন পৌৰ নিগমৰ তালিকাও চৰকাৰীভাৱে জনোৱা হ’ব।
উল্লেখযোগ্য যে চতুর্থ পৰ্যায়ৰ লকডাউন পূৰ্বৰ তুলনাত যে সম্পূর্ণ ভিন্ন হ’ব, সেই ইঙ্গিত পূৰ্বেই দি ৰাখিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীৰ পৰাও ইয়াকে লৈ সুস্পষ্ট মতামতো তেওঁ জানিব বিচাৰিছিল। মোদীয়েও জনাইছে, ক’ত কেনেদৰে লকডাউন শিথিল কৰা যায়, সেই সিদ্ধান্ত গ্রহণৰ ভাৰ ৰাজ্যৰ ওপৰতেই থাকিব।

কেন্দ্রীয় চৰকাৰৰ এটি সূত্রৰ খবৰ মতে, চতুর্থ পৰ্যায়ৰ লকডাউনৰ দুটি উদ্দেশ্য। এফালে অর্থনীতিক পুনৰুজ্জীৱিত কৰা, অন্যহাতে, সর্বাধিক সংক্রমিত পৌৰ এলেকাসমূহত বাধা-নিষেধ।
সূত্রৰ খবৰ, দেশৰ ১২খন ৰাজ্যৰ ভিতৰত আছে এই ৩০ পৌৰ এলেকা। এই ৩০খনৰ ভিতৰত এক-তৃতীয়াংশৰো বেছি মহাৰাষ্ট্র আৰু তামিলনাডুত। গুজৰাট আৰু ৰাজস্থানত আছে তিনিখনকৈ চহৰ। পশ্চিমবঙ্গৰ আছে দুখন চহৰ। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত থকা তথ্যৰ ভিত্তিতেই চহৰ এলেকাসমূহত গুৰুত্ব দিয়া হৈছে। কাৰণ, সংক্রমণৰ হাৰ চহৰ এলেকাতেই বেছি।













