ASSAM TIMES POST
ডিজিটেল ডেস্ক:
ক’ৰোনাত আক্ৰান্ত সংখ্যাই অভিলেখ সৃষ্টি কৰিছে৷ যোৱা ২৪ ঘণ্টাত ৪৯৮৭জন লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে৷ ফলত দেওবাৰে সমগ্ৰ দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৯০,৯২৭ জন হ’লগৈ৷ এই তথ্য দিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে৷ তাৰ মাজতে এতিয়া চিকিৎসা হৈছে ৫৩,৯৪৬ জনৰ আৰু ২৮৭২জনৰ মৃত্যু হৈছে৷
যোৱা ২৪ ঘণ্টাত ক’ভিড-১৯ত ১২০ জন লোকৰ মৃত্যু হৈছে৷ আনহাতে যোৱা ২৪ ঘণ্টাত কমেও চাৰি হাজাৰ লোক সুস্থ হৈছে৷ এই পৰ্যন্ত ৩৪,১০৯ জন লোক সুস্থ হৈছে৷ আনহাতে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে৷ ৰাজ্যখনত ৩০,৭০৬জন লোক আক্ৰান্ত হৈছে৷ তাৰ পাছতে গুজৰাটত ১০,৯৮৮জন আৰু তামিলনাডু ১০৫৮৫জন আক্ৰান্ত হৈছে৷ দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৯৩৩৩জন৷













