ASSAM TIMES POST
নিউজ ডেস্ক:
কৰোনা ভাইৰাছৰ প্রভাৱত দেশত চাকৰি হেৰুওৱাৰ আতঙ্কত ভুগিছে বহু লোক। কিন্তু এই সংকট শীঘ্ৰে শেষ হ’ব পাৰে বুলি আশা কৰিছে বিশেষজ্ঞসকলে। জানিব পৰা মতে, ইতিমধ্যেই চীনত অৱস্থিত একাধিক বিদেশী কোম্পানীয়ে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ ইচ্ছা প্রকাশ কৰিছে। এনে পৰিস্থিতিতে এইবাৰ আশা জগাই সন্মুখলৈ আহিল মোবাইল কোম্পানী লাভা ইন্টাৰনেচনেল। শুক্রবাৰে কোম্পানীটোৰ তৰফৰ পৰা জনোৱা হৈছে, চীনত তেওঁলোকৰ ব্যৱসায় সামৰি শীঘ্ৰে ভাৰতলৈ আহিব ওলাইছে তেওঁলোক। ভাৰতত ব্যৱসায়িক ক্ষেত্রত নীতিগত একাধিক পৰিবর্তনৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে বুলি জনায় কোম্পানীটোৱে।
জানিব পৰা মতে, এই মোবাইল কোম্পানীটোৰ মোবাইল ডেভলপিং আৰু ম্যানুফ্যাকচাৰিং অধিক বঢ়াবলৈ আগন্তুক পাঁচ বছৰত ৮০০ কোটি টকা বিনিয়োগৰ পৰিকল্পনা আছে তেওঁলোকৰ। লাভা ইন্টাৰনেচনেলৰ প্রধান হৰি ওম ৰায়ে কয়, ‘মোবাইল ডিজাইনিঙৰ বাবে চীনত আমাৰ ৬০০ৰ পৰা ৬৫০ কর্মচাৰী আছে। কিন্তু এইবাৰ এই ডিজাইনিঙৰ কাম ভাৰতলৈ স্থানান্তৰিত কৰা হৈছে। ভাৰতৰ স্থানীয় কাৰখানাত কামকাজ চলিছে সদ্যহতে। ইমান দিন চীনৰ পৰাই আমাৰ কাৰখানাৰ পৰা সমগ্ৰ বিশ্বত মোবাইল ফোন বিতৰণ কৰি আছিলোঁ আমি। সেইটো এতিয়া আৰম্ভ কৰা হ’ব ভাৰতৰ পৰা।”
অৱশ্যে কেৱল লাভাই নহয়, চীনত অৱস্থিত আমৰিকাৰ একাধিক কোম্পানীক ভাৰতলৈ অনাৰ চেষ্টা চলাইছে চৰকাৰে। ইতিমধ্যেই এক হাজাৰৰো অধিক ম্যানুফ্যাকচাৰিং কোম্পানীৰ সৈতে কথোপকথন শেষ কৰিছে ভাৰতে। চৰকাৰৰ মূলত লক্ষ্য আছে মেডিকেল ইকুইপমেন্ট উৎপাদন কোম্পানীসমূহৰ ওপৰত। ইয়াৰ উপৰি খাদ্য প্ৰক্ৰিয়াকৰণ গোট, বস্ত্ৰ, চামৰা আৰু অটো পার্টছ নির্মাণকাৰী কোম্পানীসমূহক ভাৰতলৈ আনিবলৈ আগ্রহী চৰকাৰ। বর্তমান কৰোনা পৰিস্থিতিত চীন-আমেৰিকাৰ দ্বন্দ্বই এইক্ষেত্রত ভাৰতক অধিক সুবিধা দিবা পাৰে বুলিও অনুমান কৰিছে বিশেষজ্ঞ মহলে।













