ASSAM TIMES POST
গুৱাহাটী : অসম সংবাদ জগতৰ আদৰ্শৰ প্ৰতীক তথা সত্য-ন্যায়ৰ পক্ষত থাকি মানৱ অধিকাৰ হকে সদায় যুজঁ দিয়া প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৪সংখ্যক মৃত্যু বার্ষিকি।গুৱাহাটীৰ ৰাজগড় থকা প্ৰয়ায়ত সাংবাদিক গৰাকী প্ৰতিমূৰ্তি আজি পুৱাই পৰিয়ালৰ সদস্য সকলে শ্ৰদ্ধাঞ্জলী জনাই।দেশত চলি থকা লকডাউনৰ বাবে কেৱল পৰিয়ালৰ সদস্য সকলে প্ৰতিমূৰ্তি শ্ৰদ্ধা জনায়।পত্নী,পুত্ৰ, কন্যা আৰু ভাতৃয়ে সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তি মাল্যৰ্প, বন্তি প্ৰজ্বলন কৰে।

উল্লেখ যে ২৪ বছৰৰ পূৰ্বে আজি দিনটোতে গুৱাহাটীৰ ৰাজপথত আটতায়ী হাতত মৃত্যু হৈ চিৰদিনৰ বাবে অসমী আই বুকুত ঢলি পৰিছিল বলিষ্ঠ সাংবাদিক গৰাকী। গুৰুত্বপূৰ্ণ কথা এই যে থলুৱা অৰ্থনীতিৰে স্বাৱলম্বী হোৱা বাবে তেওঁ সেই সময়তে সকলোকে আহ্বান জনাইছিল।কায়িক ভাৱে সাংবাদিক গৰাকী আমাৰ মাজত নাই যদিও যুৱ-প্ৰজন্মৰ বুকুৱে-বুকুৱে শিপাই আছে তেওঁ আদৰ্শ।
তাপৰ্যপূৰ্ণ কথা এই যে গুৱাহাটী ৰাজপথত দিনৰ পোহৰতে হত্যা কৰা সাংবাদিক গৰাকী হত্যাকাৰী কোন আছিল সেইয়া আজিও পোহৰলৈ নাহিল।পৰিয়ালৰ আশাবাদী তেওঁ হত্যাকাৰীয়ে ন্যায় পাব।উল্লখ যে পৰিয়ালৰ ফালৰ পৰা জনোৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক তথা প্ৰয়াত দাসৰ সহযোগী মনোৰম গগৈ।’বুধবাৰ’ নামৰ বিশেষ কাকত খনত দাসৰ সান্নিধ্যত থাকি সাংবাদিকতা ক্ষেত্ৰখনত আগবাঢ়িছিল গগৈয়ে।
সেই কথা সোঁৱৰণ কৰি তেওঁ কয় “অসমৰ জাতীয় জীৱনৰ বাবে আজি দিনটো এটা দুৰ্যোগৰ দিন।দেশৰ সৰ্বোচ্চ তদন্তকাৰী সন্থা তদন্তৰ পাছতো পৰাগ কুমাৰ দাসৰ হত্যাকাৰী চিনাক্ত নহল।সন্মানীয় ন্যায়ালয়ে হাত-দাঙি দিলে চিনাক্ত কৰিব নোৱাৰি।
এই কথাটোৱে এক ডাঙৰ ইংগিত বহন কৰিছে যি হত্যাকাৰীত ৰাজনীতি জড়িত থাকে সেই সমূহ চিনাক্ত কৰিব নোৱাৰে-গগৈয়ে লগতে কয়।যুৱ-প্ৰজন্মৰ বুকুৱে বুকুৱে পৰাগ কুমাৰ দাস শিপাই যোৱাতো আমাৰ বাবে প্ৰাপ্তি।যাক নেকি কোনো সামৰিক শক্তি তথা স্বেচ্ছাচাৰী শাসকে উলিয়াবলৈ সক্ষম নহব- গগৈয়ে লগতে কয়। অধিবক্তা অৰূপ বৰবৰা শ্ৰদ্ধাঞ্জলি স্থলীত উপস্থিত থাকে।













