ASSAM TIMES POST
নিউজ ডেস্ক:
যেন কৰোনাৰ অভিকেন্দ্ৰ হ’বলৈ আগবাঢ়িছে গুৱাহাটী মহানগৰী। ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে মহানগৰীত কৰোনা সংক্ৰমণৰ ঘটনা। যাৰ বাবে এতিয়া সংক্ৰমণ ৰোধ কৰিবলৈ তত্পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন। কৰোনাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বিভিন্ন ঠাই এতিয়া কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে।
মহানগৰ জিলা প্ৰশাসনে নতুনকৈ কটাহবাৰী, দাতালপাৰা, ফটাশিল আমবাৰী, ৰুক্মিণী গাঁৱক কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে এই ৪টা অঞ্চলত এতিয়াৰ পৰা ২১ দিনলৈ কোনো ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব।
আনহাতে, ইয়াৰ পূৰ্বে প্ৰশাসনে ঘোষণা কৰা কনটেইনমেণ্ট জ’নসমূহ আছিল গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ ৫ নং হোষ্টেল, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা, চানমাৰিৰ অমিয় নগৰ, ৰিজিঅ’নেল ডেণ্টেল কলেজৰ আৱাসিক এলেকা, ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ আশেপাশে, কুমাৰপাৰা, শান্তিপুৰ, ফটাশিল জি এছ কলনী আৰু পাণবজাৰ ৰে’লৱে কলনি।













