ASSAM TIMES POST
নিউজ ডেস্ক :
কৰোনা ভাইৰাছে বিপৰ্যস্ত কৰিছে দেশৰ অর্থনীতি। সম্প্রতি দেশবাসীক উদ্দেশ্যে দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদিয়ে আর্থিক প্যাকেজৰ কথা ঘোষণা কৰিছে। অৱশ্যে প্রধানমন্ত্রীৰ এই ভাষণৰ পিছত বিৰোধীয়ে শাসক দলক ব্যঙ্গ কৰি কৈছে, ”ইমান টকা দিয়াৰ কি প্ৰয়োজন! ২০১৪ চনত দিয়া ১৫ লক্ষ টকাইতো এতিয়াও শেষ হোৱা নাই।”
ইয়াৰ মাজতেই শনিবাৰে ৫০০ খনিৰ বেচৰকাৰীকৰণৰ কথা কয় কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে। কয়লা খনিৰ পিছত এইবাৰ চৰকাৰী চাকৰি ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত তুলি দিয়াৰ ইঙ্গিত দিলে বিত্তমন্ত্রীয়ে। এইবাৰ সমগ্ৰ কেন্দ্রীয় চৰকাৰী ক্ষেত্রসমূহক বেচৰকাৰী সংস্থাৰ হাতত তুলি দিয়াৰ পলিচি লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে।
বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি জনায়, কিছু বিশেষ ক্ষেত্রত ন্যূনতম এটি চৰকাৰী সংস্থা থাকিব,বাকীসমূহ বেচৰকাৰী সংস্থাৰ হাতত দিয়া হ’ব। এই বিশেষ ক্ষেত্রসমূহৰ নামৰ তালিকা ঘোষণা কৰা হ’ব। কিন্তু বিশেষজ্ঞসকলৰ অনুমান, কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বেছিভাগ চৰকাৰী চাকৰিৰ আৰু কোনো অস্তিত্বই নাথাকিব!













