ASSAM TIMES POST
নিউজ ডেস্ক :
পুনৰ ৰক্তাক্ত হ’ল জম্মু আৰু কাশ্মীৰ৷ দেওবাৰে পুৱা ডোডা জিলাৰ দাছলানা, পাডিয়াৰণা ডোডাইত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হ’ল সেনাৰ এজন জোৱান৷ লগতে এক সন্ত্ৰাসবাদীও নিহত হয়৷ গোপন সূত্ৰ মতে, দাছলানাত সন্ত্ৰাসবাদীৰ গতিবিধিৰ খবৰ পাই দেওবাৰে জম্মু আৰু কাশ্মীৰ আৰক্ষী আৰু সেনা বাহিনীয়ে যৌথ অভিযান চলায়৷ তেতিয়া সেনাক দেখাৰ লগে লগে সন্ত্ৰাসবাদীয়ে গুলী চলায়৷ প্ৰত্যুত্তৰত সেনায়ো গুলী চালনা কৰে৷
সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হয়৷ আনহাতে এক সন্ত্ৰাসবাদী নিহত হয় যদিও অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই আছে বুলি সেনাই অনুমান কৰিছে৷ বাতৰি লিখা পৰ্যন্ত মৃত সন্ত্ৰাসবাদীৰ দেহ উদ্ধাৰ কৰা হোৱা নাই৷ এই সন্ত্ৰাসবাদী হিজবুলৰ সদস্য বুলি প্ৰকাশ৷ আনহাতে দেওবাৰে পুঞ্চত দুপৰীয়া ভাৰতীয় সেনা ছাউনীলৈ লক্ষ্য কৰি পাকিস্তানী সেনাই গুলীচালনা কৰে৷ অৱশ্যে ভাৰতীয় সেনাই তৎক্ষণাত প্ৰত্যুত্তৰ দিয়ে৷













