ASSAM TIMES POST
নগাঁও:
কৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ সকলো উদ্বিগ্ন হৈ থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে আজি ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে নগাঁও চহৰৰ মহেন্দ্ৰ বৰুৱা আৰু ১৯৮ নং টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ জৰিয়তে বহীৰ টোপোলা, মাস্ক,হাত ধোৱা চাবোন, টাৱাল আদি বিতৰণ কৰে।
প্ৰায় তিনিশ ছাত্ৰ ছাত্ৰীক প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ এই কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদ নগাঁও নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন,সাধাৰন সম্পাদক নয়নজ্যোতি শইকীয়া,নগৰ সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ লগতে জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবাল শৰ্ম্মা উপস্থিত থাকে । সামাজিক দূৰত্ব বজাই ছাত্ৰ সংগঠনটোৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।













