ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
দিল্লীত মৃত্যু ঘটিছে বোকাখাতৰ কভিড-১৯ত আক্ৰান্ত ৰোগী অজিত শইকীয়াৰ (৬১)। দিল্লীৰ লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হস্পিটেলত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে ৰোগীজনৰ।
উল্লেখ্য যে হস্পিটেলখনত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজিৰ পৰা ৫ দিন পূৰ্বেই কভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু ঘটে শইকীয়াৰ। লক-ডাউনৰ আগে আগে, যোৱা ১০ মাৰ্চত কেঞ্চাৰ ৰোগত আক্ৰান্ত পত্নী বন্তি শইকীয়াৰ চিকিৎসাৰ বাবে বোকাখাতৰ পৰা দিল্লীলৈ গৈছিল শইকীয়া দম্পতি। লগত সম্বন্ধীয় ভতিজা কংকনজ্যোতি বৰা।
কিন্তু পত্নী আৰু সম্বন্ধীয় ভতিজা কংকন বৰা দিল্লীত উপস্থিত থকাৰ পাছতো পাঁচটাকৈ দিন হস্পিটেলখনৰ মৰ্গত গৰাকী বিহিনভাৱে পৰি থাকিল দুৰ্ভগীয়া শইকীয়াৰ মৃতদেহ। হস্পিটেল কৰ্তৃপক্ষই তেওঁলোকক নজনালে এই মৃত্যু সংবাদ। অৱশেষত বোকাখাতৰ সমাজকৰ্মী আকাশ ফুকনৰ প্ৰচেষ্টাত দিল্লীৰ অসম এচ’চিয়েচনৰ সম্পাদক দিব্যজোতি দত্তই দিল্লী চৰকাৰৰ ন’ডেল বিষয়া অংকুশ নাৰংগৰ পৰা শইকীয়াৰ মৃত্যুৰ সংবাদ প্ৰাপ্ত কৰি শইকীয়াৰ বোকাখাতৰ পৰিয়াল-স্বজনলৈ প্ৰেৰণ কৰে।
এই বাতৰি লিখা পৰ্যন্ত হস্পিটেলখনত আত্মীয়ৰদ্বাৰা নশ্বৰ দেহ চিনাক্তকৰণ প্ৰক্ৰিয়া হোৱা নাই আৰু লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা শইকীয়াৰ মৃত্যুৰ কোনো লিখিত ঘোষণা প্ৰাপ্ত হোৱা নাই বুলি পৰিয়াল সূত্ৰৰ পৰা জানিব পৰা গৈছে।
আত্মীয়ৰ দ্বাৰা নশ্বৰ দেহ চিনাক্তকৰণ প্ৰক্ৰিয়াটো জটিল হৈ পৰিছে। যিহেতু কভিড-১৯ ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ মৃতদেহ পৰিয়ালক গটাই দিয়া নহয় আৰু এনে মৃতদেহৰ সমীপলৈকো লোক যোৱা নিষেধ।

এই বিষয়ে দিল্লীৰ অসম এচ’চিয়েচনে উদ্যোগ লৈ দিল্লী আৰক্ষী আৰু লোকনায়ক হস্পিটেল কৰ্তৃপক্ষৰ সৈতে কথা পাতি আছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। লগতে পৰবৰ্তী সময়ত ভিডিঅ’ কনফাৰেঞ্চ বা আন ব্যৱস্থাৰ জড়িয়তে মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা বুলিও জানিব পৰা গৈছে।
ইতিমধ্যে কভিড-১৯ ৰ আগ্ৰাসনত দিল্লীত তিনিও গৰাকী ব্যক্তি ক‘ভিড-১৯ ত আক্ৰান্ত হৈ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হস্পিটেলত চিকিৎসাধীন হৈছিল ৷ পাছত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত যোৱা ১ মে’ত দিল্লীৰ লোকনায়ক জয় প্ৰকাশ নাৰায়ণ হস্পিটেলত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় অজিত শইকীয়াক। ১৬ মে’ৰ পুৱাতে পত্নী আৰু কংকনে আৰোগ্য লাভ কৰিছে বুলি জানিব পৰা গৈছিল। কিন্তু কভিড-১৯ ৰ কবলৰ পৰা মুক্ত হ’ব নোৱাৰিলে অজিত শইকীয়া।
পাছত একেদিনাই সন্ধিয়ালৈ অজিত শইকীয়াৰ মৃত্যুৰ সংবাদ প্ৰাপ্ত হয়। বৰ্তমান অসম চৰকাৰৰ সৈতে পত্নী বন্তি শইকীয়া আৰু কংকন বৰাৰ যোগাযোগ হৈছে আৰু তেওঁলোকক দিল্লীৰ পৰা অসমলৈ উভতাই আনিবলৈ অসম চৰকাৰে ব্যৱস্থা লোৱাৰ কথা বুলি কংকনৰ পৰা জানিব পৰা গৈছে।
কিন্তু স্বামী অজিত শইকীয়াৰ মৃত্যুত মানসিকভাৱে ভাগি পৰা আৰু ইতিমধ্যে তিনিটাকৈ কেম’ থেৰাপিৰ চিকিৎসা লোৱা ভগ্ন স্বাস্থ্যৰ বাবে দিল্লীৰ পৰা এম্বুলেঞ্চ নাইবা আন পথ-যানেৰে অসমলৈ অধিক দূৰত্বৰ পথ যাত্ৰা কৰিবলৈ বন্তি শইকীয়া সক্ষম নহয় বুলিও কংকন বৰাৰ পৰা জানিব পৰা গৈছে। লক-ডাউনৰ বাবে দেশৰ আভ্যন্তৰিণ বিমান পৰিবহনও বন্ধ হৈ আছে।
সম্প্ৰতি দুয়োকো দিল্লীৰ এটি ব্যক্তিগত গেষ্ট হাউচত আইচ’লেচনত ৰখা হৈছে, য’ত এগৰাকী কেঞ্চাৰ ৰোগীৰ ভগ্ন স্বাস্থ্য অনুপাতে প্ৰয়োজনীয় খাদ্যকে ধৰি পৰ্যাপ্ত যত্নৰ অভাৱ ঘটাৰ আশংকা নুই কৰিবও নোৱাৰি। কিয়নো দিল্লীত তেওঁলোকৰ কোনো সুশ্ৰুষাকাৰী নাই।
তদুপৰি নিজেও বিগত ১৪ দিন ধৰি কোৱাৰেণ্টাইন হৈ থকাৰ বাবে হস্পিটেল কৰ্তৃপক্ষৰ সৈতে ১৬ মে’ৰ সন্ধিয়ালৈকে কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাছিল বুলি ফোনযোগে কংকনে সাংবাদিকক জানিবলৈ দিছে। গতিকে এনে পৰিস্থিতিত বন্তি শইকীয়াক অসমলৈ উভতাই অনাটোও এক জটিল প্ৰক্ৰিয়া হৈ দেখা দিছে।
ইফালে প্ৰয়াত শইকীয়াৰ বোকাখাতৰ পৰিয়াল-স্বজনে যথা সময়ত শইকীয়াৰ মৃত্যুৰ সংবাদ নজনোৱাৰ বাবে হস্পিটেল কৰ্তৃপক্ষ আৰু দিল্লী চৰকাৰৰ প্ৰতি অভিযোগ উত্থাপন কৰি আন দুগৰাকী ব্যক্তিক সুকলমে অসমলৈ উভতাই আনিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে। শোকবিহ্বল পৰিয়ালে লগতে জনায় যে বিগত দুই-চাৰিদিন তেওঁলোকে ফোনযোগে লোকনায়ক হস্পিটেললৈ যোগাযোগ কৰি অজিত শইকীয়াৰ খবৰ লবলৈ চেষ্টা অব্যাহত ৰাখিছিল যদিও হস্পিটেল কৰ্তৃপক্ষৰ পৰা কোনো নিৰ্দিষ্ট সংবাদ পাবলৈ ব্যৰ্থ হৈছিল।
ফোনত লগ পোৱা হস্পিটেলখনৰ কৰ্মৰত বিষয় ববীয়া সকলে ইজনে সিজনলৈ দায়িত্ব থেলা-থেলি কৰি বিমূৰত পেলাইছিল বুলিও প্ৰয়াত শইকীয়াৰ বোকাখাতৰ পৰিয়ালৰ লোকে হস্পিটেলখনৰ বিৰুদ্ধে অভিযোগ আনিছে। এগৰাকী অমায়িক স্বভাৱৰ ব্যক্তি বোকাখাতৰ ম’হমাইকী গাঁও নিবাসী অজিত শইকীয়াই শেহতীয়াকৈ বোকাখাতৰ পানবাৰীস্থ কৃষি অনুসন্ধান কেন্দ্ৰৰ কৃষি বিষয়া হিচাপে কৰ্মৰত হৈ যোৱাটো বৰ্ষত অৱসৰ গ্ৰহণ কৰিছিল।
দিল্লীত বোকাখাত মহকুমাৰ প্ৰথমজন কভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যুত সমগ্ৰ মহকুমাটোত শোকৰ ছাঁ পৰিছে। বোকাখাতৰ ৰাইজে সদ্যপ্ৰয়াত শইকীয়াৰ পত্নী বন্তি শইকীয়া আৰু ভতিজা কংকন আৰোগ্য হৈ সুকলমে বোকাখাতলৈ উভতি অহাৰ কামনা কৰিছে।
অজিত শইকীয়াৰ মৃত্যুত বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ লগতে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা আৰু অসম গণ পৰিষদৰ বোকাখাত জিলাৰ সভাপতি জগতচন্দ্ৰ কলিতাই বিদেহ আত্মাৰ শান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। নিঃসন্তান শইকীয়াই পত্নী বন্তি শইকীয়াৰ লগতে ক্ৰমে ১ জ্যেষ্ঠা আৰু ২ কনিষ্ঠা অবিবাহিতা ভগ্নী, ২ কনিষ্ঠ ভাতৃকে ধৰি ভালেসংখ্যক আত্মীয় স্বজন আৰু গুণমুগ্ধক এৰি থৈ গৈছে।













