ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাজিৰঙাৰ সমীপৱৰ্ত্তী গাওঁ আৰু চাপৰিত পশুধনক প্ৰতিষেধ প্ৰদানৰ অভিযান : বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান বিশ্ব প্ৰকৃতি নিধিৰ

News Desk by News Desk
May 17, 2020
Reading Time: 1 min read
A A
0
কাজিৰঙাৰ সমীপৱৰ্ত্তী গাওঁ আৰু চাপৰিত পশুধনক প্ৰতিষেধ প্ৰদানৰ অভিযান : বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান বিশ্ব প্ৰকৃতি নিধিৰ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

অজন্তা তালুকদাৰ
বোকাখাত : বাৰিষা কালত অনেক ৰোগত আক্ৰান্ত হৈ বিনষ্ট হয় আমাৰ পশুধন। তদুপৰি ৰাজ্যখনত এতিয়া আফ্ৰিকান চোৱাইন জ্বৰৰ তাণ্ডৱত বিধ্বস্ত পশুধন। সেয়ে কভিড ১৯ৰ ত্ৰাসৰ মাজতো কিছু সংখ্যক বেচৰকাৰী সংস্থাৰ সহযোগত নিজ দায়িত্ব পালনত আত্মনিয়োগ কৰি গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। বিগত সময়ছোৱাত কাজিৰঙাৰ কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় পশুধনৰ কল্যাণ আৰু বন্য প্ৰাণীৰ সুৰক্ষাৰ বাবে জনসাধাৰণৰ পশুধনৰ ৰোগ প্ৰতিষেধক প্ৰদানৰ কাম কৰি আহিছে ৷

cow | ASSAM TIMES POST

বিগত বৰ্ষৰ দৰে এই বছৰো ১ মে’ৰ পৰা এই কাৰ্য আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ কাজিৰঙাত কৰ্মৰত বেচৰকাৰী সংগঠন আৰণ্যক , বিশ্ব প্ৰকৃতি নিধি, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ভূমি আৰু কৰবেট ফাউণ্ডেচনৰ সহযোগত আৰম্ভ কৰা পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযান ইতিমধ্যেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বোকাখাত বনাঞ্চলত সম্পূৰ্ণ হৈছে ৷

cow1 | ASSAM TIMES POST

বোকাখাত বনাঞ্চলত কাষৰীয় গাঁৱৰ পশুধনৰ প্ৰতিষেধক প্ৰদান অভিযানেৰে ব্ৰহ্মপুত্ৰ নদীৰ ৫ টা চাপৰি আৰু ৩ খন গাওঁৰ মুঠ ৩,৩৭৬ টা গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে ৷ বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ বিশেষ সহযোগত বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিত ২৪২ টা, গাভৰু চাপৰিৰ ৭২৭ টা লালুং চাপৰিৰ ৭৪৪ টা, বিলতীয়া চাপৰিৰ ৩৬৬ টা, চহলা গাওঁৰ ৪২১ টা , শিশুবাৰীৰ ৫২২ টা আৰু ধোবাআটি গাওঁৰ ৩৫৪ টা গৰু ম’হক প্ৰতিষেধক প্ৰদানৰ কাম সমাপ্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

নদীৰ চাপৰি বোৰত নিশা কটাই প্ৰতিষেধক প্ৰদানৰ কাম সম্পাদন কৰা দলটোত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ ডা৹ জানমনি শ্যাম, ডা৹ চৈয়দ মেহতাজ, ডা৹ বিশ্বজিত বৰুৱা, ডা৹ প্ৰনিতা কোঁৱৰ, ডা৹ দেৱব্ৰত ফুকন, ডা৹ অম্লান ফুকন আৰু দীপজ্যোতি হাঞ্চেৰ লগতে বিভাগটোৰ ক্ষেত্ৰ সহায়ক, গোপাল মিত্ৰ আৰু মৈত্ৰী সেৱক সকলে সহযোগ কৰে ৷ সমন্বয়ক হিচাবে দলটোৰ নেতৃত্ব দিয়ে গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন তথা বোকাখাত প্ৰেছ ক্লাৱৰ সম্পাদক উত্তম শইকীয়াই ৷

cow2 | ASSAM TIMES POST

জনসাধাৰণৰ পশুধন কল্যানৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা এই প্ৰতিষেধক প্ৰদানৰ বাবে বিশ্ব প্ৰকৃতি নিধিৰ তৰফৰ পৰা ঔষধৰ যোগান ধৰা হয় ৷ ট্ৰায়’ ভেক নামৰ এই ঔষধে জহৰ বাত , গল ফুলা নামৰ ৰোগৰ পৰা পশুধনক প্ৰতিৰক্ষা দিব বুলি বিভাগীয় তথ্যত প্ৰকাশ ৷ উল্লেখ্য যে ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে কাজিৰঙাৰ কাষৰীয় গাওঁ আৰু চাপৰিবোৰত এই অভিযান চলাই আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷ ইয়াৰ দ্বাৰা কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাই নহয় কাষৰীয় গাওঁৰ জনসাধাৰণৰ পশুধনো সংক্ৰমিত ৰোগৰ পৰা সুৰক্ষিত হৈছে বুলি জনাইছে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

Tags: Featured2
Share4Tweet3Send

Related Posts

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx