ASSAM TIMES POST
প্ৰকাশ পালে চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ নতুন নিৰ্দেশনা।৩১ মে’লৈকে দেশত কাৰ্যকৰি হব চতুৰ্থ পৰ্যায়ৰ লকডাউন।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে চতুৰ্থ পৰ্যায়ৰ নিৰ্দেশনা সমূহ।বহু দিশত শিথিল কৰা হৈছে লকডাউন।
* সম্পূৰ্নৰূপে খোলা থাকিব কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয়।
* বন্ধ থাকিব শ্বপিং মল, জিম, ছবিগৃহ।
* দৰ্শক নথকাকৈ ষ্টুডিয়াম মুকলি কৰিব পাৰিব।
* গ্ৰীণ, ৰেড আৰু অৰেঞ্জ জন ৰাজ্য চৰকাৰ সমূহে নিধাৰণ কৰিব।
* কোনো ৰাজনৈতিক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।ধৰ্মীয় অনুষ্ঠানো বন্ধ থাকিব।
* বিদ্যালয়, মহাবিদ্যালয় সকলো বন্ধ থাকিব।
* ৰাজ্য সমূহক আন্ত:জিলা যাতায়তৰ অনুমতি।
* কণ্ট্ৰেমেন্ট জনত নাথাকিব কোনো শিথিলতা।
* বন্ধ থাকিব হোটেল, ৰেষ্টোৰা।
* গ্ৰীণ জন সমূহ সম্পূৰ্ন খোলা থাকিব।
* সীমিত হব ৰেল আৰু বিমান সেৱা।
* বাফাৰ জন হিচাপে নতুন জন সংযোজন।
* মাক্স পৰিধান কৰাটো বাধ্যতামূলক।
* সন্ধিয়া ৭বজা পৰা পুৱা ৭বজালৈ লকডাউন কাৰ্ফিউ বাহাল।
* খাদ্য হোম ডেলিভাৰী কৰিব পাৰিব।
* ৬৫বছৰৰ উদ্ধ, ১০বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা জৰুৰীকালীন সেৱা বাহিৰে ভ্ৰমণ বন্ধ।
* বিবাহ অনুষ্ঠানত কেৱল ৫০জন লোক উপস্থিত থাকিব পাৰিব।
* সামগ্ৰী কঢ়িয়াই অনা বাহন তথা খালি ট্ৰাক এখন ৰাজ্য পৰা অন্য ৰাজ্যলৈ চলাচল কৰিব পাৰিব।
* ৰাজহুৱা স্থানত থু-খেকা পেলোৱাতো অপৰাধ হিচাপে গণ্য হব।
* দুই গজ দূৰত্ব মানি চলাৰ আহ্বান।
* ৰাজহুৱা স্থানত ৰাগীয়াল দ্ৰব্য সেৱন কৰিব নোৱাৰিব।
* অপপ্ৰচাৰ বিৰুদ্ধে এবছৰ লৈকে হব কাৰদণ্ডৰ।
* মৃতকৰ হৎকাৰত ২০জনতকৈ অধিক লোক সমবেত হব নোৱাৰিব।
* দোকানত পাঁচ জনতকৈ অধিক লোক সমবেত হব নোৱাৰিব।
* নিৰ্দেশনা সমূহ প্ৰতিখন ৰাজ্যক গুৰুত্ব সহকাৰে পালন কৰিব লাগিব।













