ASSAM TIMES POST
জিতেন বৰকটকী ,নগাঁও :
কৰোনা ভাইৰাছ কভিড ১৯ ৰ সংক্ৰমণৰ আশংকাত এইবাৰ অসমীয়াৰ প্ৰাণৰ আপোন ৰঙালী বিহুটিক আদৰা অথবা বিদায় দিয়াৰ নামত ৰাজ্যৰ কোনো স্হানতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নগ’ল।
এনে পৰিস্থিতিত বিগত উনৈছ বছৰৰ পৰম্পৰা আৰু ধাৰাবাহিকতা ৰক্ষা কৰি নগাঁৱৰ সমাজ জীৱনৰ লগত সংপৃক্ত সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘সৃষ্টি’য়ে নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুৱালিত অনুষ্ঠিত কৰি অহা বসন্ত উৎসৱৰ লগত সংগতি ৰাখি এইবাৰো প্ৰদান কৰে ‘কলংপৰীয়া চহা শিল্পী বঁটা’।

এইবাৰ নেহৰুবালিৰ পৰিৱৰ্তে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় চৌহদত আজি অনাআড়ম্বৰপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত ‘সৃষ্টি’ৰ পৰিয়াল বৰ্গই নগাঁও জিলাৰ বৰপাঠৰি দক্ষিণ সূতাৰ গাঁও অঞ্চলৰ মঞ্চ অভিনেতা, কন্ঠ তথা লোকবাদ্যৰ শিল্পী বিষ্ণু তামুলীক ২০২০ বৰ্ষৰ ‘কলংপৰীয়া চহা শিল্পী বঁটা’ প্ৰদান কৰে। ‘কলংপৰীয়া চহা শিল্পী বঁটা’ত গামোচা, চেলেং,জাপি, শৰাই, মানপত্ৰ আৰু নগদ ধনেৰে প্ৰচাৰ বিমুখ শিল্পী গৰাকীক ‘সৃষ্টি’ৰ তৰফৰ পৰা সন্মান জনোৱা হয়।
শিল্পী গৰাকীক বঁটাটি প্ৰদান কৰি ‘সৃষ্টি’ৰ অন্যতম উদ্যোক্তা তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে সৃষ্টিয়ে ২০০৪ বৰ্ষৰ পৰা কলঙৰ বাকৰি নেহেৰুবালিত বসন্ত উৎসৱ উদযাপন কৰি আহিছে । এইবাৰ লকডাউনৰ বাবে বসন্ত উৎসৱ উদযাপন কৰিব পৰা নগ’ল ।
তাৰ পিছতো বিগত কেবাবছৰৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো এই বঁটা প্ৰদান কৰা হৈছে । প্ৰচাৰ বিমুখ চহা শিল্পী সকলক জন মানসত উজ্বলাই তোলাৰ লক্ষৰে প্ৰতি বছৰে সৃষ্টিয়ে এই বঁটা প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই আৰু কয় যে এইবাৰ বিষ্ণু তামুলীৰ দৰে বহুমুখী প্রতিভাৰ চহা শিল্পীক এই বঁটা প্ৰদান কৰিবলৈ পাই ‘সৃষ্টি’ পৰিয়ালৰ সকলো সদস্য আনন্দিত হৈছো ।
আনহাতে উক্ত অনুষ্ঠানতে নগাঁৱৰ ১১০ গৰাকী শিল্পীক সৃষ্টিৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰন কৰা হয় ।লকডাউনৰ বাবে শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকল সমস্যাৰ সন্মুখীন হৈছে । এই শিল্পী আৰু সাংস্কৃতিক কৰ্মীসকলক কিছু সকাহ দিয়াৰ বাবে ‘সৃষ্টি’য়ে শিল্পী সকলক চাউল , দালি , চিৰা , মিঠাতেল , নিমখ আদিকে ধৰি কেইবাবিধো সামগ্ৰী বিতৰন কৰে । শিল্পী সকলক এনেদৰে সহায় কৰাৰ বাবে শিল্পী সকলে বিধায়ক ৰূপক শৰ্মাৰ লগতে সৃষ্টিৰ পৰিয়ালৰ সদস্য সকলৰ শলাগ লয় ।
আনহাতে আজি প্ৰদন কৰা ‘কলংপৰীয়া চহা শিল্পী বঁটা’ গ্ৰহণ কৰি শিল্পী বিষ্ণু তামুলীয়ে বিধায়ক ৰূপক শৰ্মাৰ লগতে সৃষ্টিৰ সদস্যসকলক কৃতজ্ঞতা জ্ঞাপন কৰি অনাগত দিনত সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে কাম কৰি যোৱাত এই বঁটা প্ৰাপ্তিয়ে প্ৰেৰনা যোগাব বুলি মন্তব্য কৰে ।
ইপিনে সামাজিক দূৰত্ব বৰ্তাই ‘সৃষ্টি’য়ে আজি প্ৰদান কৰা কলংপৰীয়া চহা শিল্পী বঁটা প্ৰদান অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে সৃষ্টিৰ সদস্যসকলে সমস্বৰত পৰিবেশন কৰে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে ‘ ।













