ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত:
বোকাখাত থানাৰ অন্তৰ্গত ৰজাবাৰীৰ গাড়োপাৰা নেপালীখুটিত আজি বিয়লি উদ্ভৱ হোৱা এক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চাৰি ৰাউণ্ড গুলি ফুটোৱাৰ লগতে লাঠী চাৰ্জ কৰিব লগীয়া হয়। জানিব পৰা মতে গাড়োপাৰা নেপালীখুটিৰ দিলীপ ঘাটোৱাৰ (৩০) নামৰ লোকজনক একে গাঁৱৰে জয়ন্ত দাস নামৰ লোকজনে চোকা দাৰে ডিঙিত ঘপিয়ায়।

গুৰুতৰভাবে আহত দিলীপ ঘাটোৱাৰৰ অৱস্থা দেখি স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। তাকে দেখি জয়ন্ত দাসে পলায়ন কৰি এঘৰত আশ্ৰয় লয়। শ শ উত্তেজিত ৰাইজে আশ্ৰয় লোৱা ঘৰটো চালিওফালৰ পৰা বেৰি ধৰি জয়ন্ত দাসক উলিয়াই দিবলৈ দাবী জনায়।
এনে সময়তে বোকাখাতৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত দণ্ডাধীশক খবৰ দিয়ে আৰু দণ্ডাধীশ শান্তনু গগৈ আৰু ৰণন্ময় ভৰদ্বাজে অতিৰিক্ত আৰক্ষী বাহিনী লৈ ঘটনাস্থলীত উপস্থিত হয়। কিন্তু পৰিস্থিতিৰ অধিক অৱনতি ঘটাত উত্তেজিত ৰাইজক আতৰাই পঠিয়াবলৈ শূণ্যলৈ চাৰি জাঁই গুলি ফুটোৱাৰ লগতে লাঠী চালনা কৰে।
উত্তেজিত ৰাইজ আতৰি যোৱাৰ সুযোগতে ঘৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে জয়ন্ত দাসক আতক কৰে। ইফালে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দিলীপ ঘোটোৱাৰক শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আজিৰ এই ঘটনাই বোকাখাতত চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে।













