ASSAM TIMES POST
নগাঁও :দেশৰ বিভিন্ন ৰাজ্যত কৰ্মৰত শ্ৰমিক, অধ্যয়নৰত শিক্ষাৰ্থী আৰু বহিঃ ৰাজ্যত চিকিৎসাৰ বাবে যোৱা লোকসকল ক্ৰমশঃ নগাঁও জিলালৈ আগমন ঘটিছে। নগাঁৱৰ এই লোকসকল আজি চাৰিদিন ধৰি বহিঃ ৰাজ্যৰ পৰা ৰেল, বাছেৰে নগাঁৱলৈ আহি আছে। আজি ৰেল আৰু বাছযোগে দুই শতাধিক লোক নগাঁৱলৈ আহিছে।
এই লোকসকল গুৱাহাটী, চাপৰমূখ আৰু লামডিং ৰেল ষ্টেচনত আহি পোৱাৰ পিছত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে তেওঁলোকক নগাওঁ চহৰলৈ লৈ আনে। আন একাংশ বাছ যোগে নগাঁৱলৈ আহে। আজি অহা দুই শতাধিক লোকক নগাওঁ চহৰৰ নেহৰুৱালিত স্থাপন কৰা অস্থায়ী স্বাস্থ্য শিবিৰত স্ক্ৰিনিং কৰা হয়।
আজি এই দুই শতাধিক লোকৰ লেলাৱতিৰ নমুনা সংগ্ৰহ কৰা হয়। এই লোকসকলক নগাওঁ চহৰৰ ব্লু-বাৰ্ড, বিদিশা, বহাগী, নটৰাজ, এ এম প্লেছ হোটেলত অস্থায়ী ভাৱে কোৱাৰেন্টাইন কৰা হৈছে। বিগত তিনিদিনত বহিঃ ৰাজ্যৰ পৰা নগাঁৱলৈ ১০৭ গৰাকী লোক আহিছিল।
ইয়াকে লৈ আজিলৈকে নগাঁৱলৈ তিনি শতাধিক লোক আহিছে। স্বাস্থ্য বিভাগে জনোৱা মতে এই সংখ্যা বৃদ্ধি হ’ব। কাৰণ বাতৰি লিখা সময়লৈকে স্ক্ৰিনিং চলি আছে। আনহাতে, আজি অহা দুই শতাধিকৰ লগতে নগাঁৱত ৩১৯ গৰাকীক চিকিৎসালয়, হোটেল আদিত কোৱাৰেনন্টাইন কৰা হৈছে।
ইয়াকেলৈ নগাঁৱত আজি পাঁচ শতাধিক লোক কোৱাৰেনন্টাইনত আছে। আনহাতে, ৰহাৰ চাপৰমুখ ৰে’ল ষ্টেচনত আজি উপস্থিত হয় কাইম্বাটুৰ-ডিব্ৰুগড় শ্ৰমিক বিশেষ ৰে’ল। আজি পুৱা ৫.৩০ বজাত চাপৰমুখত ষ্টচনত উপস্থিত হোৱা বিশেষ ৰেলখনত নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং আদি জিলাৰ মুঠ ২০৪জন যাত্ৰী নামে। ইয়াৰে নগাৱঁৰ ১৫৪জন, মৰিগাৱঁৰ ৮জন, হোজাই জিলাৰ ২৫জন, পশ্চিম কাৰ্বি আংলঙৰ ২জন, কাৰ্বি আংলঙৰ ১৫জন।
ষ্টেচনত স্কেনিং কৰাৰ পিচত আটাইকে নিজ নিজ জিলাৰ কোৱাৰেণ্টাইন কেম্পলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে যাত্ৰীসকল বৰ্তমানলৈ সুস্থ হৈ আছে। ইপিনে, আজি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নতুনকৈ ছয় জনক কোৱাৰেনন্টাইন কৰা হৈছে। ইয়াৰে চাৰিজন উত্তৰপ্ৰদেশৰ পৰা ট্ৰাক আৰু পদব্রজে অহা আৰু এজন জামুগুৰিৰ আনজন জুৰীয়াৰ দগাঁৱৰ।
নগাঁও জিলা প্ৰসাশন আৰু স্বাস্থ্য বিভাগে বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেনন্টাইন কৰাৰ বাবে কামপুৰ কলেজ, কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ননৈ কলেজ, ধিং কলেজ, ৰূপহী কলেজ, চামগুৰি কলেজ, নলতলি কৃষি প্ৰশিক্ষণ কেন্দ্ৰ আমনি এছ আই আৰ ডি, পঞ্চয়ত ভৱন, আমনি হাইস্কুল, লাইলুৰী ছাত্ৰী নিবাসকে ধৰি ডিমৌ, ৰহা চাপৰমূখ, পুৰনিগুদাম আদি কেইবাটাও স্থানত কোৱাৰেনন্টাইন কেন্দ্ৰ স্থাপন কৰা হৈছে।
এই কেন্দ্ৰ সমূহত ১০০০ বিছনা কোৱাৰেনন্টাইনৰ বাবে সাজু কৰা হৈছে। তদুপৰি নগাঁৱৰ ছখন চিকিৎসালয় আৰু হোটেলত কোৱাৰেনন্টাইনৰ ব্যৱস্থা কৰা হৈছে। আজি কেইবাখনো শিক্ষানুষ্ঠান আদিলৈ বহিঃ ৰাজ্যৰ লোকক কোৱাৰেন্টাইন বাবে প্ৰেৰণ কৰা হৈছে।













