ASSAM TIMES POST
ডিজিটেল ডেস্ক:
১,৬১,০৩৫ কোটি টকাৰ মুঠ ঋণ। কৰোনাৰ প্ৰকোপত তেলৰ চাহিদা আৰু দাম ক্ৰমশঃ নিম্নগামী, তেলৰ ব্যৱসায়ত লোকচান গণিবলগা হৈছে ইতিমধ্যেই। এই অৱস্থাত লকডাউনৰ মাজতেই চাৰি সপ্তাহৰো কম সময়ত চাৰিখন চুক্তি কৰি মুঠ ৬৭,১৯৪.৭৫ কোটি টকা ঘৰলৈ আনিলে মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। কেৱল জিঅ’ প্লেটফর্মৰ ১৪.৮% শ্বেয়াৰ বিক্ৰী কৰিয়েই। ইয়াৰ মাজত শেষ চুক্তিখন হ’ল দেওবাৰৰ, মার্কিন ইকুইটি সংস্থা জেনেৰেল আটলাণ্টিকৰ সৈতে। ৬৫৯৮.৩৮ কোটি টকাত তেওঁলোকে কিনিব জিঅ’ৰ ১.৩৪% অংশীদাৰিত্ব।
জিঅ’ প্লেটফর্মৰ অংশীদাৰিত্ব বিক্ৰী কৰি টকা তুলিবলৈ মুকেশ আম্বানিয়ে নিৰ্বাচন কৰা চাৰিটা সংস্থাই আমেৰিকাৰ। ফেচবুক, ছিলভাৰ লে’ক, ভিষ্টা ইকুইটি আৰু এইবাৰ জেনেৰেল আটলাণ্টিক। সংশ্লিষ্ট মহলৰ দাবী, বিশ্ব গৃহবন্দী হৈ থাকিলেও, পুঁজি জোগাৰত লাগি আছে মুকেশ আম্বানি। তেওঁ জনোৱা মতে, ইয়াৰ বাবে জিঅ’ৰ ২০% শ্বেয়াৰ এৰিবলৈও আপত্তি নাই।













