ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত ক্ৰমান্বয়ে ভয়ানক ৰূপ ধাৰণ কৰিব লৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণে। আজি পুৱাৰ ভাগত ৰাজ্যত দুজন কৰোনা আক্ৰান্তৰ চিনাক্ত হোৱাৰ পিছত আকৌ আন দুজনৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰিছে।
এই আক্ৰান্ত দুয়োজন গোলাঘাট জিলাৰ বুলি জানিব পৰা গৈছে।ৰাজ্যত এতিয়ালৈকে ১০৪ জন আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত। তাৰে ৪১ জন সুস্থ হোৱাৰ বিপৰীতে ৫৮ জন এতিয়াও চিকিত্সাধীন হৈ এই কথা টুইটাৰ যোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।













