ASSAM TIMES POST
নগাঁও:নগাঁও জিলাৰ প্ৰথমজন কৰ’না আক্ৰান্ত ৰোগী চিনাক্ত হৈছে ।ক’ভিড ১৯ চিনাক্ত হোৱা নগাঁৱৰ যুৱকজনৰ নাম আজিজুৰ হক ৰহমান । নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ছোট ৰূপহীৰ বিশ বছৰীয়া যুৱক আজিজুৰ চাৰিদিন পূৰ্বে ৰে’লযোগে চেন্নাইৰ পৰা আহি গুৱাহাটীত উপস্থিত হৈছিল।
গুৱাহাটীৰ পৰা বাছযোগে নগাঁৱলৈ অহা যুৱকজনক স্বাস্থ্য বিভাগ জুৰীয়াৰ কদমণিৰ টাউন হাইস্কুলৰ কোৱাৰেণ্টিন চেণ্টাৰত ৰাখিছিল । প্ৰায়ছমাহ পূৰ্বে চেন্নাইলৈ যোৱা আজিজুৰ তাৰ এখন হোটেলত কৰ্মৰত আছিল । ২৪ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে দেশ জুৰি ঘোষণা কৰা লকডাউনৰ বাবে যুৱকজন কৰ্মহীন হৈ পৰে।
পাচত ১৩ মে’ত তেওঁ কেইজনমান সহকৰ্মীসহ চেন্নাইৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। আনহাতে গুৱাহাটীৰ পৰা বাছযোগে নগাঁৱলৈ অহা যুৱকজনক স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰিছিল জুৰীয়াৰ কদমণিৰ টাউন হাইস্কুলৰ কোৱাৰেণ্টিন চেণ্টাৰত ।
নগাঁও জিলা স্বাস্থ্য বিভাগে সংগ্ৰহ কৰা লেলাউতিৰ পৰীক্ষাত ইতিমধ্যে তেওঁ ক’ভিদ-১৯ পজিটিভ বুলি চিনাক্ত হৈছে । জানিব পৰা মতে, আজিজুৰ ৰহমান ১৬ মে’ৰ পৰা জুৰীয়াৰ কদমণি টাউন হাইস্কুলৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল যদিও ১৬ মে’ত কিছু সময়ৰ বাবে বিশ্ৰাম লৈছিল নগাঁও চহৰৰ হয়বৰগাঁৱৰ ‘নটৰাজ হোটেল’ত।
ইতিমধ্যে এই যুৱকজনক গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতাললৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । যুৱকজনৰ দেহত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিৰ পাচত সমগ্ৰ নগাঁও জিলাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।
কভিড ১৯ ত আক্রান্ত যুৱকজনে তিনিদিন পূৰ্বে কিছু সময়ৰ বাবে বিশ্ৰাম লোৱা ‘নটৰাজ হোটেল’ক আজি চেনিটাইজ কৰাৰ উপৰি তেওঁক ৰখা কোৱাৰেনন্টাইন চেন্টাৰসহ জুৰীয়া বজাৰকে ধৰি প্ৰায় এক কিলোমিটাৰ ব্যাসার্ধৰ এটা অঞ্চলক কনটেইন্টমেন জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰে ।













