ASSAM TIMES POST
ডিফু :অৱশেষত কাৰবি আংলং জিলাও অন্তৰ্ভুক্ত হ’ল ক’ৰনা আক্ৰান্তৰ তালিকাত ৷ চেন্নাইৰ পৰা ১৬ তাৰিখে বিশেষ ৰেলেৰে অহা কাৰবি আংলং জিলাৰ ২৯ গৰাকী লোকৰ এগৰাকীৰ দেহত কভিড–১৯ পজেটিভ পোৱা গৈছে ৷ যোৰহাট মেডিকেল কলেজত স্বাৱ পৰীক্ষাত এই কথা স্পষ্ট হৈছে ৷

কালি নিশা যোৰহাট মেডিকেল কলেজৰ পৰা অহা ৰিপৰ্টত এই কথা নিশ্চিত হৈছে ৷ কভিড আক্ৰান্ত ২৪ বছৰীয়া যুৱক গৰাকী হ’ল প্ৰেম তামাং ৷ ১৬ মেৰ কৰা আন সকলৰ লগত তেওঁ ডিফুৰ সিংহাসন হোটেলত কুৱাৰেন্টাইনত আছে ৷ কাৰবি আংলং জিলাৰ ডিলাই থানাৰ অন্তগৰ্ত কাশ্মীৰী টিলাত যুৱক গৰাকীৰ ঘৰ ৷
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা দিয়া টুইতত কাৰবি আংলং জিলাৰ যুৱক গৰাকীৰ কথা উল্লেখ নাই যদিও জানিব পৰা অনুসৰি গোলাঘাট জিলাত নতুনকৈ কভিড আক্ৰান্ত নাই ৷ মাজুলীৰ এজন আৰু আন গৰাকী গোলাঘাটৰ নহয় কাৰবি আংলং জিলাৰ ৷ ইয়াৰ পিছতে চিকিৎসা বিভাগে যুৱক গৰাকীৰ চিকিৎসা আৰম্ভ কৰিছে ৷













