ASSAM TIMES POST
ডিব্ৰুগড়:এক যুদ্ধ সদৃশ পৰিস্থিতিত ডিব্ৰুগড় আৰক্ষীয়ে গুলীয়াই হত্যা কৰে হত্যাকাৰী সঞ্জয় দাসক।ডিব্ৰুগড়ৰ শুকানপুখুৰীত নিজ পত্নী-পুত্ৰ সহ এজন আত্মীয়ক হত্যা কৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰা SSBৰ প্ৰাক্তন জোৱান সঞ্জয় দাস আত্মগোপন কৰি আছিল এটা পৰিতক্ত বাসগৃহত।

নিশা প্ৰায় ১২-৩০ বজাত হঠাৎ এটা গুলীৰ শব্দই স্থানীয় ৰাইজক আতংকিত কৰি তোলে।লগে লগে ইতিমধ্যে অঞ্চলটোত ঘেৰাও কৰি থকা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে পৰিতক্ত গৃহটো ঘেৰাও কৰি বাৰম্বাৰ সঞ্জয় দাসক আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনাইছিল।উলোতাই সঞ্জয় দাসে আৰক্ষীলৈ গুলী চালনা কৰাত আৰক্ষীয়ে ও প্ৰত্যুত্তৰ দিয়ে।আৰক্ষীয়ে নিশাৰ অন্ধকাৰত তিনিটা কৈ গ্ৰেণেড নিক্ষেপ কৰে।বিস্ফোৰণত সমগ্ৰ অঞ্চলটো এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়।অৱশেষত প্ৰায় ৩-৩০বজাত মৃত্যু হয় সঞ্জয় দাসৰ।
উল্লেখ্য যে সঞ্জয় দাসে সোমবাৰে পুৱা নিজ গৃহৰ ভিতৰতেই নিজ পত্নী স্বপ্না দাস ,পুত্ৰ নৱজ্যোতি দাসক আৰু কিছু নিলগৰ ঘণকান্ত হাজৰিকা নামৰ এজন আত্মীয়ক গুলীয়াই হত্যা কৰি পলায়ন কৰিছিল।
ইয়াৰ পাছৰে পৰা আত্মগোপন কৰি থকা সঞ্জয়ক ডিব্ৰুগড় আৰক্ষীয়ে বিছাৰি তদন্ত অব্যাহত ৰাখিছিল।অৱশেষত সঞ্জয় দাসৰ গৃহৰ পৰা প্ৰায় পাচশ(৫০০)মিটাৰ দূৰত্বৰ এটা পৰিতক্ত গৃহত আত্মগোপন কৰি থকাৰ পাছত মাজনিশা আৰক্ষীয়ে তুমুল সংঘৰ্ষত নিহত হয়।













