ASSAM TIMES POST
ডিজিটেল ডেস্ক:
আমাৰ ব্রহ্মাণ্ডৰ সমান্তৰাল আন এখন ব্রহ্মাণ্ডৰ সন্ধান পাইছে জ্যোতিৰ্বিজ্ঞানীয়ে৷ নাছাৰ আণ্টাৰ্কটিকা ইম্পালছিভ ট্ৰানছিয়েণ্ট এণ্টেনা বা এএনআইটিএ-ত কাম কৰা এদল গৱেষকে আণ্টাৰ্কটিকাৰ ওপৰত এটা বিশাল বেলুন ৰাখিছিল৷ এই এএনআইটিএ-য়ে এটা যন্ত্ৰ বা আল্ট্ৰা-হাই এনাৰ্জিৰ কছমিক ৰে নিউট্রিনো ওলিয়াব পাৰে৷ নিউট্রিনোৰ এই উচ্চ শক্তিশালী কণাবোৰ আমাৰ পৃথিৱীত যিবোৰ তৈয়াৰ কৰা হৈছে তাতকৈ বহু গুণে বেছি ক্ষমতাশালী৷ শীতল মহাদেশৰ ঠিক সেই স্থানত বেলুনটো ৰখা হৈছে য’ত বতৰ অতি ঠাণ্ডা, শুকান বতাহ আৰু ৰেডিঅ’ তৰংগ প্ৰায় শূন্য৷ কাৰণ ৰেডিঅ’ তৰংগত মহাকাশৰ পৰা অহাৰ কোনো সূক্ষ্ম শব্দ নষ্ট হৈ যায়৷ নিউট্রিনোয়ে একমাত্ৰ কণা য’ত পৃথিৱী পোৱাত ক’তো নৰয় বা ভাঙি নাযায়৷ গৱেষকসকলে কয় যে কম ক্ষমতাসম্পন্ন নিউট্রিনো আমাৰ গ্ৰহৰ ভিতৰ দিশৰ ফালে যাব পাৰে৷ কিন্তু উচ্চ ক্ষমতাশালী নিউট্রিনো আমাৰ গ্ৰহৰ কঠিন পদাৰ্থত খুন্দা মাৰি ৰৈ যায়৷
সেই কাৰণেই উচ্চ শক্তিশালী কণাবোৰ মহাকাশৰ পৰা নামি অহাৰ সময় বিচাৰি পোৱা যায়৷ ২০১৬ চনত বিজ্ঞানীসকলে টাউ নিউট্রিনো বা অত্যন্ত ভৰযুক্ত এটা কণা পৃথিৱীৰ বাহিৰত, ওপৰৰ পৰা নামি অহা দেখিছিল৷ যাক লৈ পৰীক্ষা কৰাৰ পাছত তেওঁলোকে লক্ষ্য কৰিছিল যে এই কণা আন কোনো সমান্তৰাল ব্রহ্মাণ্ডৰ প্রমাণ। এএনআইটিএ–ৰ বিজ্ঞানী তথা হাৱাই বিশ্ববিদ্যালয়ৰ গৱেষক পিটাৰ গৰহেমৰ নেতৃত্বত নাছাৰ বিজ্ঞানীয়ে এই সমীক্ষা কৰিছিল৷ যিয়েই নহওক নিউট্রিনোৰ আবিষ্কাৰক প্ৰথমে দুর্ঘটনা বুলি লৈছিল বিজ্ঞানীসকলে৷
কিন্তু গৰহেম আৰু তেওঁৰ সংগীসকলে ইয়াৰ ব্যাখ্যা দি কয়, পৃথিৱীৰ ভিতৰ দিশে প্ৰেৰণৰ সময়ত এই কণা এটা ভিন্ন কণাই পৰিবৰ্তিত হৈ গৈছিল আৰু তাৰ পাছত আকৌ একেই হৈ যায়৷ যি প্ৰমাণ কৰে সমান্তৰাল ব্রহ্মাণ্ডৰ উপস্থিতিৰ একমাত্র সম্ভাবনা৷ কিন্তু এই ব্যাখ্যাত সকলো একমত নহয়৷ অথচ গৰহামে কয়, এনেধৰণৰ ঘটনা এবাৰ হ’ব পাৰে কিন্তু ই বাৰম্বাৰ হৈছে৷ সেয়ে বৈজ্ঞানিকভাৱে দেখা গৈছে যে যিটো প্ৰমাণ হয় সমান্তৰাল ব্রহ্মাণ্ড আছে৷ কাৰণ বিগ ব্যাং যেতিয়া হৈছিল তেতিয়া দুখন ব্রহ্মাণ্ড তৈয়াৰ হৈছিল আৰু এখন ব্রহ্মাণ্ডৰ গতিবিধি আনখনতকৈ সম্পূৰ্ণ বিপৰীত৷ এনেদৰে কয় এএনআইটিএ–ৰ বিজ্ঞানীয়ে৷













