ASSAM TIMES POST
বিশেষ প্ৰতিবেদন
ক’ৰোনাৰ বিৰুদ্ধে সম্মুখৰ পৰা দিন ৰাতি একাকাৰ কৰি এই যুঁজ চলাই গৈছে স্বাস্থ্য কৰ্মীসকলে। এই কৰ্তব্যৰ মাজতে নিজৰ যুগ্ম জীৱনৰ পাতনি মেলিলে এগৰাকী নাৰ্চে৷ সোমবাৰে বৈদিক নিয়মক সাক্ষী কৰি এগৰাকী নাৰ্চে লকডাউনৰ মাজতে বাচি ল’লে জীৱন সংগী।
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ এইগৰাকী নাৰ্চৰ নাম অলি বৰ্মন৷ বেলশৰৰ শিঙিমাৰিৰ অলি বৰ্মনে লকডাউনৰ নীতি নিয়ম মানি লৈ বৰণ কৰিলে জীৱন সংগী। হাতত জেতুকা, গাত মাহ হালধি লোৱাৰ লগতে মুখত ল’লে মাস্ক৷ মাত্ৰ কেইগৰাকী মান লোকৰ আশীৰ্বাদ লৈ এইদৰে আৰম্ভ কৰিলে যুগ্ম জীৱন।
দেওবাৰৰ দিনটো চিকিৎসালয়ত কৰ্তব্য সম্পাদন কৰি আবেলি পিন্ধিলে জোৰণৰ কাপোৰ৷ সোমবাৰে নিজৰ কৰ্তব্য পালন কৰে এইগৰাকী নাৰ্চে৷ উল্লেখ্য যে নলবাৰী জিলাৰ শিঙিমাৰা গাঁৱৰ নাৰ্চগৰাকীৰ জীৱন সংগী কন্দৰ্প একে গাঁৱৰে বাসিন্দা৷
২০১৮ চনৰ পৰা নাৰ্চৰ কৰ্তব্য পালন কৰি অহা অলিয়ে কামৰ সময়ৰ বাবে জোৰোণৰ সাঁজ সন্ধিয়া পিন্ধিব লগা হয়৷ অলি বৰ্মনে কয় যে মানৱ সেৱা তেওঁৰ প্ৰথম কাম৷ মন কৰিব লগা যে শনিবাৰে নিশা তেওঁ ঘৰলৈ অহাৰ পাছত হাতত মেহেন্দি লগায়৷
তেনেদৰে দেওবাৰে তেওঁ কামত যোগ দিয়ে আৰু সেইদিনাই বিয়লিলৈ তেওঁৰ বিবাহ কাৰ্য সম্পন্ন হয়৷ উল্লেখ্য যে সকলো শ্ৰেণী লোকৰ মন জয় কৰা এইগৰাকী নাৰ্চৰ বিবাহথলীত উপস্থিত হয় নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী৷ নলবাৰীৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ নাৰ্চগৰাকীৰ গৃহত উপস্থিত হৈ উপায়ুক্তই কন্যা নাৰ্চগৰাকীৰ কৰ্তব্য পালনত শলাগ লোৱাৰ লগতে যুগ্মজীৱনৰ বাবে আশীৰ্বাদ দিয়ে৷













