ASSAM TIMES POST
নিউজ ডেস্ক:
শ্ৰমিকসকলৰ বাবে আন এক দুঃখবৰ। লকডাউনৰ সময়ত শ্রমিকসকলক বাধ্যতামূলকভাৱে মজুৰি দিয়াৰ নির্দেশ প্রত্যাহাৰ গৃহ মন্ত্ৰণালয়ৰ। চতুর্থ পৰ্যায়ৰ লকডাউনৰ নির্দেশনাত এই নির্দেশ নাই। উল্লেখ্য যে ইতিমধ্যে ছুপ্রিম কোর্টে জনাইছিল যে লকডাউনৰ ভিতৰত মজুৰি দিব নোৱাৰিলে কোনো কোম্পানীৰ বিৰুদ্ধে এতিয়াই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।

দেওবাৰে চতুর্থ পৰ্যায়ৰ লকডাউনৰ নির্দেশনা ঘোষণা কৰে কেন্দ্রই। তাত কোৱা হয়, এই নির্দেশনাৰ সংযোজনীত ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা আইনৰ অধীনত যিসমূহ নির্দেশ আছে, সেইসমূহ ১৮ মে’ৰ পৰা কার্যকৰী হ’ব। ইয়াৰ পূৰ্বে এই আইনত যিসমূহ নির্দেশনা দিয়া হৈছিল, সেইসমূহ খাৰিজ হৈছে।
উল্লেখ্য যে ২৯ মার্চত ৰাষ্ট্ৰীয় দুৰ্যোগ মোকাবিলা আইনত কোম্পানী বন্ধ থাকিলেও শ্রমিকসকলক মজুৰি দিয়াৰ নির্দেশ দিছিল কেন্দ্রই। কিন্তু শেহতীয়া সংযোজনীত সেই নির্দেশ নাই।













