ASSAM TIMES POST
নিউজ ডেস্ক : এই মুহূৰ্তৰ এটি ডাঙৰ খবৰ, খুব শীঘ্ৰেই আহি আছে কৰোনা ভাইৰাছৰ ভেকচিন! এনেকুৱা সুখবৰেই দিলে মার্কিন যুক্তৰষ্ট্রেৰ সংস্থা মডার্না আইএনচিয়ে। তেওঁলোকৰ দ্বাৰা প্ৰস্তুত ভেকচিনে মানৱ দেহত এণ্টিবডি সৃষ্টি কৰিবলৈ বহুখিনি সফল হৈছে।
বিগত মার্চ মাহত ৪৫ জন স্বেচ্ছাসেৱকৰ ওপৰত মডার্নাৰ ভেকচিন প্রয়োগ করা হয়। তেওঁলোকৰ ভিতৰত প্রথম ৮ জনৰ শৰীৰত কৰোনা মোকাবিলাৰ বাবে প্রয়োজনীয় এণ্টিবডি সৃষ্টি হৈছে। এই ট্রায়েল চলায় নেচনেল ইনষ্টিটিউট অব এলার্জি এণ্ড ইনফেকছাছ ডিজিজ-এ।
এই ৮ জনক দুটি ড’জ দিয়া হয় । মার্কিন যুক্তৰাষ্ট্রৰ সংস্থা মডার্না আইএনচিয়ে জনাইছে, এই ভেকচিন কৰোনা মোকাবিলাত বহুখিনি সফল। তেওঁলোকৰ মতে, এই ভেকচিনৰ সহায়ত কৰোনা মোকাবিলাৰ বাবে শৰীৰত উপযুক্ত এণ্টিবডি সৃষ্টি কৰা সম্ভৱ।
সূত্রৰ খবৰ অনুযায়ী, অহা জুলাই মাহতেই প্ৰত্যক্ষভাৱে কৰোনা আক্রান্তৰ শৰীৰত এই ভভেকচিন প্রয়োগ কৰা হ’ব। ইয়াৰ ফলত বেছি পৰিমাণে এণ্টিবডি সৃষ্টি কৰিব পাৰিব।













