ASSAM TIMES POST
নিউজ ডেস্ক:
অসমৰ ৮খন তৈলক্ষেত্ৰ বহিৰাগত ব্যক্তিগত কোম্পানীক গতাই দিয়া আৰু দিহিং পাটকাই অভয়াৰণ্য মুক্ত কয়লা খননৰ অনুমতিক তীব্ৰ বিৰোধিতা সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ বাৰ্তা জৰিয়তে সংগঠনটো প্ৰচাৰ বিভাগৰ কেপ্তেইন দ্বীপ অসমে কয় “জাতীয় অৰ্থনীতি স্থিতি শক্তিশালী কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তা ঋণাত্মক দৃষ্টিৰে গ্ৰহণ কৰা নাই।কিন্তু অসমৰ জাতীয় সম্পদ তৈলক্ষেত্ৰৰ সমূহ বহিৰাগত কোম্পানীক হস্তান্তৰ কৰাক সমৰ্থন নকৰো।তাৰ বিৰুদ্ধে অসমপ্ৰেমী থলগিৰী সহযোগত সৰ্বাত্মক সশস্ত্ৰ প্ৰতিৰোধ গঢ়িবলৈ বদ্ধ পৰিসৰ”।অৱশ্যে অসমৰ কোনো থলগিৰী ব্যক্তিগত কোম্পানীলৈ হস্থান্তৰ কৰিলে অসমৰ পুঁজি বহিৰাগত বন্ধ স্বাৰ্থত সমৰ্থন কৰিম বুলি ভিডিঅ’টোত উল্লেখ কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে অসমৰ তৈলক্ষেত্ৰৰ অধিগ্ৰহণ কৰিবলৈ অহা বহিৰাগত ব্যক্তিগত কোম্পানীয়ে আলফা(স্বা) সশস্ত্ৰ প্ৰতিৰোধৰ সন্মুখীন হব বুলিও বিশেষ ভিডি’অ বাৰ্তাটোত স্পষ্টকৈ উল্লেখ কৰিছে।
ইফালে দিহিং পাটকাইত মুক্তকয়লা খননৰ বাবে দিয়া অনুমতি সন্দৰ্ভত সংগঠনটোৱে সকীয়নী প্ৰদান কৰি কয় “দিহিং পাটকাইট হাত নিদিবলৈ আগতীয়াকৈ জনাই থলোঁ অন্যথা পৰিনাম ভোগ কৰিব লাগিব”।
অসমৰ থলগিৰীক আহ্বান জনায় জনাই সংগঠনটোৱে কয় “দিহিং পাটকাইক লৈ যাতে কোনেও ৰাজনীতি দৰে-দাম নকৰে”।













